Coal : ভয়াৱহ ইন্ধন সংকটৰ আশংকা, শক্তি বিকল্প-বৃহৎ উদ্যোগ সন্মুখীন হ’ব গভীৰ সমস্যাৰ

দেশত মাত্ৰ চাৰিদিনৰ কয়লাহে মজুত

4EURBT3GAFNIBPYQQ36AB2YIEI

ভয়াৱহ কয়লা নাটনিৰ সংকটৰ সন্মুখীন হৈছে ভাৰত। কয়লাৰ যােগান যথেষ্ট হ্রাস পােৱাৰ ফলত বিশ্বৰ সবাতােকৈ দ্রুতগতিত সম্প্রসাৰিত হােৱা অর্থনীতিৰ অধিকাৰী ভাৰতত শক্তি আৰু ইন্ধনৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা প্রকট হৈছে।

দেশৰ কয়লাচালিত শক্তি কেন্দ্রসমূহত সম্প্রতি মাত্র চাৰিদিনৰ চাহিদা পূৰণৰ জোখাৰে কয়লাৰ ভঁৰাল মজুত আছে। চলিত মাহত অন্তিমভাগলৈ কয়লাৰ নাটনিৰ এই সমস্যা অব্যাহত থাকিলে দেশত ভয়াৱহ ইন্ধন সংকটে দেখা দিব পাৰে।

বছৰৰ ভিতৰতে সম্প্রতি কয়লাৰ যােগান দেশৰ শক্তি কেন্দ্রসমূহত সর্বনিম্ন হৈছে। যােৱা ১৩ আগষ্টৰ পৰাই দেশৰ প্রায়কেইটা কয়লাচালিত শক্তি কেন্দ্রত মজুত থকা কয়লাৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছিল।

সম্প্রতি অর্ধেকাংশ কয়লাচালিত শক্তি কেন্দ্রই কয়লাৰ নাটনিৰ সংকটৰ সন্মুখীন হৈছে। উল্লেখ্য যে ভাৰতত ৭০ শতাংশ বিদ্যুৎ উৎপাদনত কয়লা ব্যৱহাৰ হৈ।আহিছে। তদুপৰি এলুমিনিয়াম আৰু তীখা কাৰখানাসমূহতাে ইন্ধন হিচাপে যথেষ্ট পৰিমাণত কয়লা ব্যৱহাৰ কৰা হয়।

সম্প্রতি এই আটাইবােৰ কেন্দ্ৰ আৰু কাৰখানাই প্রয়ােজনীয় কয়লাৰ যােগান লাভৰ পৰা বঞ্চিত হৈছে। সম্প্রতি চীনৰ দৰে ভাৰতেও কয়লাক লৈ দুটা মুখ্য সমস্যাৰ সন্মুখীন হৈছে। অতিমাৰীৰ পাছত এতিয়া দেশত উদ্যোগিক কাম-কাজ পুনৰ তীব্ৰগতিত আৰম্ভ হােৱাৰ ফলত বিদ্যুতৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে আৰু একে সময়তে স্থানীয়ভাৱে উপলব্ধ কয়লাৰ যােগান যথেষ্ট হ্রাস পাইছে।

ভাৰতত মুঠ চাহিদাৰ তিনিভাগেই স্থানীয় কয়লাৰ জৰিয়তে পূৰণ কৰা হয়; কিন্তু প্ৰৱল বৃষ্টিপাতৰ ফলত বহু কয়লা খনিৰ কাম-কাজ ব্যাহত হােৱাৰ ফলত শেহতীয়াভাৱে ভাৰতত স্থানীয়ভাৱে উপলব্ধ কয়লাৰ যােগান হ্রাস পাইছে।

কয়লাৰ এই সংকটৰ ফলত সর্বাধিক সমস্যাগ্রস্ত হৈছে কয়লা আধাৰিত কাৰখানা আৰু শক্তি কেন্দ্রসমূহ। যােগান পুনৰ সুস্থিৰ নােহােৱালৈকে আমি একাংশ কাৰখানা, শক্তি কেন্দ্ৰত কয়লাৰ নাটনিৰ সমস্যা নিশ্চিতভাৱে প্রত্যক্ষ কৰিম।

শক্তি উৎপাদন কেন্দ্রসমূহে কয়লাৰ যােগানৰ অভাৱত বিদ্যুতৰ মূল্য বৃদ্ধি কৰিব পাৰে। কিয়নাে শক্তি কেন্দ্রসমূহে কয়লা ৰপ্তানি কৰিব লগা হলে উৎপাদন ব্যয় বৃদ্ধি পাব আৰু ইয়াৰ ফলত বিদ্যুতৰ মূল্য বর্তমানৰ তুলনাত বাঢ়িব পাৰে।

ক্রেডিট ৰেটিং প্রতিষ্ঠান ক্রাইছিল লিমিটেডৰ সঞ্চালক প্রণভ মাষ্টাৰে এইদৰে কয়। চৰকাৰৰ পৰিসংখ্যা অনুসৰি, ভাৰতৰ শক্তি প্রকল্পসমূহত ছেপ্টেম্বৰৰ অন্তিমভাগত মজুত থকা কয়লাৰ পৰিমাণ ৮.১ নিযুত টনলৈ হ্রাস পাইছিল।

অর্থাৎ এবছৰৰ পূর্বৰ তুলনাত যােৱা ছেপ্টেম্বৰত এইসমূহ দেশৰ শক্তি প্রকল্পত মজুত থকা কয়লাৰ পৰিমাণ ৭৬ শতাংশলৈ অৱনমিত হৈছিল। দেশৰ এলুমিনিয়াম উৎপাদকসকলে সর্বাধিক পৰিমাণৰ কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰি আহিছে; কিন্তু শেহতীয়াভাৱে ক’ল ইণ্ডিয়া লিমিটেডে এইসমূহ এলুমিনিয়াম উদ্যোগলৈ কয়লাৰ যােগান হ্রাস কৰা বুলি একাধিক এলুমিনিয়াম উৎপাদকে অভিযােগ কৰিছে।

বর্তমানে দেশৰ শক্তি প্রকল্পসমূহে দৈনিক ৬০,০০০ৰ পৰা ৮০,০০০ টন কয়লাৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে। ভাৰতৰ কয়লা সচিব অনিল কুমাৰ জৈনে প্ৰকাশ কৰা অনুসৰি, দীঘলীয়া বৃষ্টিপাতৰ ফলত দেশৰ প্ৰায়বােৰ কয়লা খনিত সম্প্রতি খনন কাৰ্য বন্ধ হৈ আছে।

কয়লা খনিসমূহ স্বাভাৱিকভাৱে কার্যক্ষম নােহােৱাৰ ফলত ভাৰতত স্থানীয়ভাৱে উপলব্ধ কয়লাৰ পৰিমাণ হাস পাইছে বুলিও জৈনে জানিবলৈ দিয়ে। ধানবাদত দেশৰ বৃহৎ কয়লা খনি অৱস্থিত আৰু ধাৰাসাৰ বৃষ্টিপাতৰ ফলত এই কয়লা খনি সম্প্রতি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

ক’ল ইণ্ডিয়াই অক্টোবৰৰ দ্বিতীয় সপ্তাহৰ ভিতৰত বৰ্তমানৰ কয়লাৰ ঘাটি পূৰণৰ বাবে প্রয়ােজনীয় পদক্ষেপ গ্রহণ নকৰিলে আগন্তুক সময়ত দেশত ভয়াৱহ শক্তি আৰু ইন্ধন সংকটে দেখা দিব পাৰে বুলি জৈনে মন্তব্য কৰে।

Exit mobile version