Film in Space : মহাকাশত প্ৰথম চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ বাবে অভিযান

211004113940 soyuz ms 19 65s crew exlarge 169

মহাকাশলৈ প্রথম কুকুৰ প্রেৰণৰ পৰা আৰম্ভ কৰি প্রথম পুৰুষ-মহিলাক প্ৰেৰণলৈকে সকলােতে আমেৰিকাতকৈ আগত আছে ৰাছিয়া। অৱশ্যে মাজতে কিছু বর্ষ ৰাছিয়াই মহাকাশ অভিযানৰ ক্ষেত্ৰত তেনে তৎপৰতা প্রদর্শন কৰা নাছিল।

কিন্তু আকৌ এবাৰ মহাকাশত নতুন ইতিহাস ৰচনা কৰিবলৈ সাজু হ’ল ৰাছিয়া। মঙলবাৰে বিয়লি বেলা ৰাছিয়াই প্ৰথমবাৰৰ বাবে মহাকাশত এখন চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণৰ বাবে এটা গােটক মহাকাশলৈ প্ৰেৰণ কৰিলে।

ৰাছিয়াই ছয়ুজ ৰকেটৰ জৰিয়তে কালি দুপৰীয়া মহাকাশলৈ এগৰাকী অভিনেত্রী, পৰিচালকসহ দুজন পেছাদাৰী মহাকাশচাৰী বিশেষজ্ঞক প্ৰেৰণ কৰে। এইসকল লােকে এখন চলচ্চিত্ৰৰ বাবে মহাকাশত প্রয়ােজনীয় দৃশ্যগ্ৰহণ কৰিব।

ৰাছিয়াৰ পৰিচালকে নির্মাণ কৰা এইখন ছবিয়ে হ’ব মহাকাশত দৃশ্যগ্ৰহণ কৰা প্ৰথমখন পূর্ণদৈর্ঘ্যৰ ছবি। ছবিখনৰ অভিনেত্রী হৈছে য়ুলিয়া পেৰেশ্বিল্ড আৰু পৰিচালক ক্লিম চিপেংক’।

য়ুলিয়া ৰাছিয়াৰ এগৰাকী জনপ্রিয় অভিনেত্রী। মহাকাশত অভিনয়ৰ বাবে য়ুলিয়াক কে’বামাহ ধৰি পেছাদাৰী মহাকাশচাৰীয়ে বিশেষ প্রশিক্ষণ দিছিল। ৰাছিয়াৰ মহাকাশত দৃশ্যগ্রহণ কৰিব লগা এইখন ছবিৰ নামৰ প্ৰাৰম্ভিকভাৱে ‘দ্য চেলেঞ্জ’ ৰখা হৈছে।

Exit mobile version