আৰ্থিক সংকটঃ জমা পুঁজিৰেই পৰিচালনা হৈছে শ্ৰীশ্ৰী বটদ্ৰৱা থান

ক'ভিডসৃষ্ট পৰিস্থিতিত আৰ্থিকভাৱে জুৰুলা ইতিহাস প্ৰসিদ্ধ থান

179588 batadrava than

অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ

 

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ বাবে আৰ্থিকভাৱে খুবেই জুৰুলা হৈ পৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বটদ্ৰৱা থান । বছৰৰ ১২টা মাহৰ প্ৰতিটো দিনতেই ৰাজ্যখনৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰী, দৰ্শনাৰ্থী আৰু ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি থকা, নিতৌ হৰি নামৰ ধ্বনিত মুখৰিত হৈ থকা ইতিহাস প্ৰসিদ্ধ বটদ্ৰৱা থানখন বিগত ২০২০ত প্ৰায় ছমাহ আৰু চলিত বৰ্ষতো চৰকাৰে বলৱৎ কৰা তলাবন্ধৰ পৰাই বলৱৎ কৰা সান্ধ্য আইনৰ লগতে চৰকাৰে নতুন এছঅ’পি মৰ্মে যোৱা ১৩মে’ৰ পৰা ১৭আগষ্ট পৰ্যন্ত পৰ্যটক, তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখা হৈছিল । যিহেতু থানখন তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ দান-বৰঙণি আৰু শৰাইৰ লগত দিয়া অৰিহণাৰ ধনেৰেই পৰিচালিত হয় সেয়েহে দুটাকৈ বছৰত ন মাহৰো অধিক কাল তলাবন্ধ, চৰকাৰৰ এছঅ’পি অনুসৰি থানখন তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰখাত পৰৱৰ্তী সময়ত থানখন আৰ্থিক সংকটত পৰিবলগা হয় । অৱশ্যে দৌল মহোৎসৱত কে’বা লাখো টকাৰ বৰঙণি সংগ্ৰহ হৈছিল । এতিয়া সেই ধন আৰু থানৰ জমা পুঁজিকেই খৰছ কৰি থকা হৈছে ।

আগতে স্বাভাৱিক সময়ত থানখনত মাহিলী দুইৰ পৰা আঢ়ৈ লাখ টকা অৰিহণাৰ পৰাই সংগ্ৰহ হৈছিল । প্ৰতি তিনি মাহৰ মূৰত অৰিহণাৰ বাকচ খুলিলে পাঁচ-ছয় লাখ টকা পৰ্যন্ত ওলাইছিল । ইয়াৰ উপৰি থানখনলৈ অহা একাংশ বিশেষ ভক্তৰ বিশেষ বৰঙণিৰ পৰাও মোটা অংকৰ ধন জমা হৈছিল। কিন্তু থানখনৰ আয়ৰ পথ সুদীৰ্ঘ সময় ৰুদ্ধ হৈ পৰাত থানখন পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ।

ক’ভিড বিধি মানি থানখন পৰিচালনা কৰিব লগা হোৱাত এতিয়া দৈনিক তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীৰ সংখ্যাও সীমিত। সেয়েহে সংগৃহীত অৰিহনাৰ পৰিমাণো পূৰ্বৰ তুলনাত যথেষ্ট কম । সেয়েহে আগৰ জমা ধনৰেই থানখন পৰিচালনা কৰি থকা হৈছে।

শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই জনোৱা মতে, আমি বটদ্ৰৱা থানৰ কৰ্মচাৰী-সেৱক, চাফাই কৰ্মচাৰীক মাহিলী মাননিৰ বাবদ প্ৰতি মাহে প্ৰায় এক লাখ টকা আদায় দিব লাগে । উল্লেখ্য যে, বটদ্ৰৱা থানত দুজন কাৰ্যালয় সহায়ক, এজন কম্পিউটাৰ অপাৰেটৰ, এজন ইলেক্ট্ৰেচিয়ান, কীৰ্তন ঘৰৰ সেৱক, নৈবেদ্য গৃহৰ সেৱক, পৰ্যটন নিৱাসৰ তত্বাবধায়ক, চাফাই কৰ্মচাৰীসহ মুঠ ২৭জন‌ কৰ্মচাৰী-সেৱক আছে । ইপিনে, থানখনত লাইটৰ বিল, জেনেৰেটৰৰ তেল, অন্যান্য আনুসংগিক খৰচৰ নামতো ২০-২৫হেজাৰ টকা খৰচ হয় ।

ইপিনে, মাহ-প্ৰসাদৰ বাবে মগু-বুট,‌ কল, ফলমূল আদি ক্ৰয় কৰাৰ বাবতো প্ৰতিমাহে প্ৰায় ৬০হেজাৰ টকা খৰচ হয় । থানখনৰ বৰ্তমানৰ আৰ্থিক সংকটৰ বাবে থানৰ জমা পুঁজিৰে বিগত দুটা বছৰে উন্নয়নৰ কামো হাতত ল’ব পৰা নাই ।

সম্প্ৰতি চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি বটদ্ৰৱা থানলৈ তীৰ্থযাত্ৰী, দৰ্শনাৰ্থী, ভক্তৰ আগমন ঘটিছে যদিও এতিয়াও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই ।‌ ইয়াৰ মাজতে গুৰুজনাৰ পৱিত্ৰ জন্মস্থানত চৰকাৰী এছঅ’পি মানি চলি এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩সংখ্যক জন্মোৎসৱ অনুষ্টুপীয়াকৈ অয়োজন কৰা হৈছে । পুৱা ঊষা কীৰ্তন, নিত্যনৈমিত্তিক ১৪ প্ৰসঙ্গ, গুৰুচৰিত পাঠ, দিহা নাম আদি কাৰ্যসূচী হাতত লোৱা হৈছে যদিও অংকীয়া নাট, বৃহৎ পৰিসৰৰ ধৰ্মালোচনী সভাৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি থান পৰিচালনা সমিতিৰ সম্পাদক বৰুৱাই জনাইছে ।

অৱশ্যে গুৰুজনাৰ ৫৭৩সংখ্যক জন্মোৎসৱ উপলক্ষে থান চৌহদত ১৫ অক্টোবৰৰ সন্ধিয়া ৫৭৩গচী বন্তি প্ৰজ্বলন কৰি থান চৌহদ উজ্বলাই তোলা হ’ব বুলিও বৰুৱাই কয় ।

Exit mobile version