ঢালিগাঁৱত অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ ২৪ ঘন্টীয়া ধৰ্মঘট

চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ এলপিজি(ৰন্ধন গেছ) বটলিং প্লান্টৰ মুখ্য দুৱাৰত এই ধৰ্মঘট ৰূপায়ন কৰে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন ঢালিগাঁও শাখাই ।

তেল কোম্পানীৰ শ্ৰমিক বিৰোধী নীতি তথা নিম্নতম দৰমহা, PF, ESI, Bonus, Gratitude, Over Time, শ্ৰমিক বীমা আদিৰ দাবীত ২৪ ঘন্টীয়া ধৰ্মঘট কাৰ্য‍্যসূচি ৰূপায়ন কৰে ।

উক্ত কাৰ্যসূচীত অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন জিন্দাবাদ, অসম চৰকাৰ হায় হায়, তেল কোম্পানীৰ শ্ৰমিকক বঞ্চনা কৰা নচলিব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে মজদুৰ ইউনিয়নে ।

Exit mobile version