পাম অইলৰ খেতিৰ বিৰোধীতাৰে অসম জাতীয় পৰিষদৰ সংবাদমেল

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি উত্তৰ পূৰ্বাঞ্চলত মোদী চৰকাৰে পাম খেতিৰ বাবে পুঁজি আৱন্তনৰ ঘোষণা কৰিছে : এজেপি

WhatsApp Image 2021 10 07 at 6.30.48 PM

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত মোদী চৰকাৰে পাম খেতিৰ বাবে পুঁজি আৱন্তনৰ ঘোষণা কৰিছে বুলি সদৰী কৰে অসম জাতীয় পৰিষদে ।

● পাম খেতিৰ বাবেই মালয়েছিয়া আৰু ইন্দোনেছিয়াৰ ৬০ শতাংশ বনাঞ্চল ধ্বংস হৈছে
● প্ৰতি হেক্টৰ পাম খেতিৰ বাবে প্ৰয়োজন তিনিশ লিটাৰ পানী
● পাম খেতিয়ে অসমৰ ভূমিৰ আৰ্দ্ৰতা নোহোৱা কৰি খেতিৰ অনুপযোগী কৰি পেলাব
● পৰিৱেশ, জৈৱ বৈচিত্ৰ্যলৈ নামি আহিব ভাবুকি
● ১৯৮০ত আন্দামান নিকোবৰ দ্বীপপুঞ্জত পাম খেতিৰ পাইলট প্ৰজেক্টৰ কাম বন্ধৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে
● মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিছে
● অসম চৰকাৰে কেবিনেটত সৰুপথাৰ বেল্ট খৰাংপীড়িত অঞ্চল ঘোষণা কৰিও কিদৰে পাম খেতিৰে অসমৰ অন্যান্য ঠাই খৰাং কৰিবলৈ আগবাঢ়িছে
● পাম খেতিৰ পৰা নিৰ্গত হয় কাৰ্বন মনক্সাইড, কাৰ্বন-ডাই-অক্সাইড জাতীয় বিষাক্ত গেছ
● পাম খেতিৰে চৰকাৰে অসমৰ ৰাইজৰ উন্নয়ন নহয়, আদানী আৰু ৰামদেৱকহে ধনী কৰিবলৈ আগবাঢ়িছে
● চৰকাৰৰ ৰাষ্ট্ৰীয় পাম অইল মিছন ঘোষণাৰ পূৰ্বেই কিদৰে ৰামদেৱে পাম খেতিৰ বাবে ভূমি ক্ৰয় কৰিলে সেয়া সন্দেহৰ আৱৰ্তত
● গোপন বুজাবুজি নহ’লে কেনেকৈ সম্ভৱ
● ধ্বংসকাৰী পাম খেতিৰ পৰিৱৰ্তে চৰকাৰে কিয় সৰিয়হ, বাদাম চয়াবিনৰ খেতিত গুৰুত্ব প্ৰদান নকৰিলে
● পাম অইলৰ ষ্টেকহ’ল্ডাৰ হৈছে গৌতম আদানী
● অসমৰ সাৰুৱা মাটি ব্যৱহাৰ কৰি সেই মাটি খেতিৰ অনুপযোগী কৰি পেলোৱাৰ ষড়যন্ত্ৰ
● পাম খেতিয়ে যে অসমৰ পৰিৱেশ বিনষ্ট কৰিব পৰাকৈ ভাবুকি নানে সেই কথা চৰকাৰে স্পষ্ট কৰক
● কেৱল ক’লেই নহ’ব, কৃষি বিজ্ঞানী, পৰিৱেশ বিজ্ঞানী, সকলো দলৰ সদস্যক লৈ এখন বিশেষজ্ঞ কমিটি গঠন কৰক
● কমিটিয়ে বিষয়টোৰ ওপৰত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰক
● যদি সেই প্ৰতিবেদন অনুসৰি তেনে কোনো ভাবুকি নাহে তেনেহ’লে সেই খেতি আদানী ৰামদেৱে নহয় অসমৰ কৃষকে কৰিব ।

Exit mobile version