১৫ বছৰ পুৰণি গাড়ী চলালে ভৰিব লাগিব আঠগুণ অধিক ধন

১৫ বছৰৰ পুৰণি যানবাহনক দেশৰ ৰাজপথৰ পৰা বিদায় দিবলৈ কেন্দ্ৰীয় চৰকাৰে নানা নিয়ম-নীতি নিৰ্ধাৰণ কৰিছে । কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰণালয়ে ২০২১ৰ পহিলা এপ্ৰিলৰ পৰা দেশত পুৰণি গাড়ীৰ চলাচলৰ সন্দৰ্ভত কেতবোৰ নতুন নিয়ম বলৱৎ কৰিব । নতুন নিয়ম অনুসৰি, ১৫ বছৰ পুৰণি কোনো গাড়ী যদিহে ফিটনেছ আৰু প্ৰদূষণ পৰীক্ষাত উত্তীৰ্ণ নহয়, তেন্তে সেইসমূহ গাড়ী ৰাজপথত চলাচল কৰিব নোৱাৰিব ।

ভাৰতত কমেও ১৭ লাখ‌ পুৰণি যানবাহন কোনো প্ৰমাণপত্ৰ অবিহনে চলাচল কৰা বুলিও তথ্য পোহৰলৈ আহিছে । ২০ বছৰৰ পুৰণি লঘু যানবাহন দেশত সম্প্ৰতি ৫১ লাখখন আছে । নতুন মটৰ চাইকেলৰ পঞ্জীয়ন মাচুল বৰ্তমানে প্ৰায় ৩০০ টকা । কিন্তু ১৫ বছৰ পুৰণি মটৰ চাইকেলৰ পঞ্জীয়ন নবীকৰণৰ বাবে আদায় দিব লাগিব প্ৰায় এহেজাৰ টকা ।

আনহাতে, নতুন গাড়ীৰ পঞ্জীয়ন মাচুল বৰ্তমানে ৬০০ টকা । কিন্তু ১৫ বছৰ পুৰণি গাড়ীৰ পঞ্জীয়ন নবীকৰণৰ বাবদ আদায় দিব লাগিব পাঁচ হেজাৰ টকা । পুৰণি গাড়ীৰ পঞ্জীয়ন মাচুল এইদৰে বৃদ্ধি কৰাৰ কাৰণ হৈছে যাতে দেশবাসীয়ে পুৰণি গাড়ী ৰাজপথত চলোৱাৰ পৰা বিৰত থাকে ।

Exit mobile version