বিমানবন্দৰ আদানীক গটাই দিয়া আৰু কৈটাসিদ্ধি গাঁৱৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ ছখন বিমানবন্দৰসহ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানীক গটাই দিয়া আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিমান বন্দৰ সম্প্ৰসাৰণৰ নামত বিমান বন্দৰৰ কাষৰীয়া কৈটাসিদ্ধি আৰু ৰায়বড়ীৰ গাঁৱৰ পৰিয়ালসমূহৰ ৫৫ বিঘা দুই কঠা ৩.৫ লেচাই ভেটি-মাটি অধিগ্ৰহণ কৰি আদানীক দিবলৈ জাননী জাৰি কৰাৰ বিৰুদ্ধে আজি উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলজুৰি প্ৰতিবাদ দিৱস পালন কৰে হয় । এই কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিমান বন্দৰত ক’লা দিৱস পালন কৰাৰ উপৰিও অসমৰ বিহালী, বিশ্বনাথ, টিয়ক, ৰহা, কলিয়াবৰ, ৰাজগড়, টিংখাং, তিনিচুকীয়া, গুৱাহাটী, বৰঝাৰ, কৈটাসিদ্ধি, কৰিমগঞ্জ, নুমলীগড়, দুলিয়াজান আদি বিভিন্ন ঠাইত প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হয় ।

কাৰ্যসূচীত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা), বিপ্লৱী যুৱ সন্থা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন, এ আই ইউ টি চি, এ আই চি চি টি ইউ, তৈল শ্ৰমিক ইউনিয়ন আদিয়ে অংশগ্ৰহণ কৰে । গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিমান বিমানবন্দৰসমূহত এয়াৰপ’ৰ্ট অথৰিটী এমপ্ল‌ইজ ইউনিয়নে ক’লা দিৱস পালন কৰে আৰু ক’লা বেজ পৰিধান কৰি ধৰ্ণা দিয়ে ।

উল্লেখ্য যে সাত অক্টোবৰ নিশা ১২.০১ বজাত বিমান বন্দৰটো আদানীৰ হাতলৈ যায় আৰু শ্ৰমিক-কৰ্মচাৰীসকলে মমবাতি সমদল উলিয়ায় প্ৰতিবাদ সাব্যস্ত কৰে । কাৰ্যসূচীত ইউনিয়নৰ নেতা পবিত্ৰ দাস, ৰাজু কোমাৰ দাস, সুশীল লাল চৌধুৰী আদিয়ে নেতৃত্ব দিয়ে । আনহাতে, কৈটাসিদ্ধি আৰু ৰায়বড়ী গাঁৱৰ ভূমি সুৰক্ষা সমিতি, উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত কে’বা শ ৰাইজে ‘বিমান বন্দৰ আদানী দিয়া নচলিব’, ‘কৈটাসিদ্ধি-ৰায়বড়ীৰ ভূমি অধিগ্ৰহণৰ জাননী বাতিল কৰক’ ‘আমাৰ মাটি আমাক ঘূৰাই দিয়ক’ আদি শ্ল’গানেৰে বিমান বন্দৰৰ ঘাইপথত প্ৰতিবাদ সমদল উলিয়ায় । সমদলত নেতৃত্ব দিয়ে আইছাৰ সুব্ৰত তালুকদাৰ, ভূমি সুৰক্ষা সমিতিৰ প্ৰদীপ নাথ, গৌৰী নাথ, কৃষক নেতা জেহিৰুল ইছলাম আদিয়ে ।

Exit mobile version