GDP Growth : ১০ৰ পৰা কমি আঠ শতাংশ ! দেশৰ আৰ্থিক বৃদ্ধিৰ পূৰ্বাভাস হ্ৰাস কৰিলে ফিচ-এ

gdp growth bt1200 sixteen nine

ক’ভিডৰ দ্বিতীয় ঢৌৰ পাছত চলিত বিত্তবর্ষত দেশৰ আর্থিক বৃদ্ধিৰ পূর্বাভাস কমাইছিল ৰাজার্ভ বেংক, বিশ্ব বেংক, এছএণ্ডপি, মুডি’জ, ইক্রা, ষ্টেট বেংকে । মূল্যায়ন সংস্থা ফিচ ৰেটিংছ-অ’য়ে বিগত জুনত ১২.৮% ৰ পৰা কমি ১০% কৰিছিল । কিন্তু এইবাৰ সেই ১০% অনুমান কমি ৮.৭ শতাংশ তললৈ নমালে তেওঁলোকে । আগন্তুক বিত্তবর্ষত (২০২২ ৰ এপ্রিলৰ পৰা ২০২৩-ৰ মার্চ) আর্থিক বৃদ্ধিৰ পূর্বাভাস বঢ়াই ১০% কৰিছে । যোৱা জুনত এই হাৰ ৮.৫% হ’ব বুলি ধাৰণা কৰিছিল সংস্থাটোৱে ।

দ্বিতীয় ঢৌৰ প্রভাৱ নাশ কৰি অর্থনীতি দ্রুতগতিত সুচল হৈছে বুলি বাৰে বাৰে দাবী কৰিছে মোদী চৰকাৰে । কিন্তু ফিচ অ’ই ‘দ্রুত’ সুচল হোৱাক লৈয়ে সন্দেহ প্রকাশ কৰিছে । তেওঁলোকৰ দাবী, দ্বিতীয় পৰ্যায়ৰ সংক্রমণত ইমানেই ক্ষতি হৈছে যে ভাৰতে উন্নতিৰ পথত থাকিলেও ক্ষতি পূৰণ কৰিবলৈ বহু সময় লাগিব । সেয়ে চলিত বিত্তবর্ষত বৃদ্ধিৰ পূর্বাভাস এক দফা কমাই পৰৱৰ্তী বাৰত বৃদ্ধি কৰা হৈছে ।

চৰকাৰৰ ওপৰত থকা ঋণ, দুর্বল আর্থিক ক্ষেত্র, ৰাজকোষত নাটনি বৃদ্ধি আৰু পৰিকাঠামোগত ক্ষেত্রত কিছু খাম-খেয়ালি লৈও উদ্বেগ প্রকাশ কৰিছে ফিচে । অতিমাৰীৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁলোকে দেশৰ ‘BBB ৰেটিং’ সলনি কৰা নাই । চৰকাৰৰ ঋণ জিডিপিৰ তুলনাত অধিক হোৱাত নেতিবাচক দৃষ্টিভংগীও আছে । নেতিবাচক দৃষ্টিভংগীৰ অর্থ, যিকোনো সময়ত ৰেটিং কমি যোৱাৰ শংকা থাকে । একেদৰে, জাপান আৰু অষ্ট্ৰেলিয়াকো নেতিবাচক কৰি ৰাখিছে তেওঁলোকে ।

Exit mobile version