Indian Army : অৰুণাচলত প্ৰৱেশৰ চেষ্টা, চীনৰ দুশ সেনাক বাধা দিলে ভাৰতীয় সেনাই

পুনৰ চীন আৰু ভাৰতীয় সেনাৰ সংঘাত । এইবাৰ ঘটনাস্থলী অৰুণাচল প্রদেশৰ প্রকৃত নিয়ন্ত্রণৰেখা । এক চৰকাৰী সূত্রৰ দাবী, বিগত সপ্তাহত অৰুণাচল প্রদেশ হৈ চীনৰ শতাধিক সেনাই ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰে । কিন্তু ভাৰতীয় সেনাৰ বাধাৰ সন্মুখীন হৈ মাৰনমুখী হৈ পৰে চীন সেনা । ভাৰতীয় সেনাও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । দুয়ো পক্ষৰ মাজত কিছু ঘণ্টাৰ সংঘর্ষৰ পাছত দুয়ো দেশৰ স্থানীয় কমাণ্ডাৰসকলৰ মধ্যস্থতাত বিষয়টো সমাধান হয় ।

সূত্রটোৰ দাবী, এই ঘটনাত ভাৰতৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় । কোনো হতাহত হোৱা নাই । ভাৰতীয় সেনাৰ বাধাৰ সন্মুখীন হৈ অৱশেষত পিছুৱাবলৈ বাধ্য হয় চীনৰ সেনা । কেইমাহমান পূৰ্বেই উত্তৰাখণ্ডৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল চীনৰ সেনাই । তেতিয়াও তেওঁলোকৰ চেষ্টা ব্যর্থ কৰে ভাৰতীয় সেনাই ।

সূত্রটোৱে আৰী জনায় যে, অৰুণাচল প্রদেশত প্রকৃত নিয়ন্ত্রণৰেখাক লৈ স্পষ্ট ধাৰণা আছে দুয়ো দেশৰ সেনাৰ । নিজ নিজ সীমান্ততেই টহলদাৰী দিয়ে দুয়ো দেশৰ সেনাই । কিন্তু ইয়াৰ সত্ত্বেও চীন সেনাই জোৰ কৰি প্ৰৱেশৰ চেষ্টা কৰে । আগতেও বহুবাৰ এনে ঘটনা সংঘটিত হৈছে বুলি দাবী কৰিছে সূত্রটোৱে ।

বিগত ৩০ আগষ্টত প্রকৃত নিয়ন্ত্রণৰেখা পাৰ হৈ বাৰাহোটি অঞ্চলৰ পাঁচ কিলোমিটাৰ ভিতৰত সোমাই আহিছিল শতাধিক চীন সেনা । কিছু সময় কটাই তাৰ পাছত তেওঁলোক পুনৰ উভতি যায় । সেই অঞ্চলত ইন্দো-তিব্বেতান আৰক্ষী (আইটিবিপি) টহলদাৰী চলায় । প্রশ্ন উত্থাপন হৈছে, কেনেদৰে চীন সেনাই প্রকৃত নিয়ন্ত্রণৰেখা উলংঘা কৰিলে ।

অৰুণাচলক লৈ কোনো মন্তব্য নকৰিলেও বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে জনায়, চীনৰ আগ্রাসনী ভূমিকাত সীমান্তত শান্তি বিঘ্নিত হ’ব পাৰে । দুই পক্ষৰ আলোচনাত এই সমস্যাবোৰ দ্রুত সমাধান কৰাৰ চেষ্টা চলাইছে । লগতে তেওঁ আশা প্রকাশ কৰে যে, চীনেও এই বিষয়ত দায়িত্বজ্ঞানমূলক আচৰণ কৰিব ।

Exit mobile version