SOP : ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে এছ‌অ’পি

istock 1195531609 1 1003697 1629188173

ক’ভিড অতিমাৰীৰ বাবে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰখনেও যথেষ্ট প্ৰতিকূল পৰিস্থিতিৰে মুখামুখি হ’ব লগাত পৰিল। ক’ভিড পৰিস্থিতি বহুখিনি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভ্ৰাম্যমান থিয়েটাৰৰ চৰ্তসাপেক্ষ প্ৰদৰ্শনত অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে। আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শন সন্দৰ্ভত এখন ‘মানক সঞ্চালন প্ৰক্ৰিয়া’ (এছঅ’পি) জাৰি কৰা হৈছে ।

ভ্ৰাম্যমান থিয়েটাৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত জিলা/মহকুমা প্ৰশাসনৰ দায়িত্ব :

◆ কন্টেইনমেণ্ট জ’ন নথকা বা শেহতীয়াকৈ যথেষ্ট সংখ্যক লোকৰ ক’ভিড সংক্ৰমণ পৰিলক্ষিত নোহোৱা এলেকাতহে ভ্ৰাম্যমান থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি দিব ।

◆ থিয়েটাৰত আমন্ত্ৰণ কৰা স্থানীয় আয়োজক সমিতিৰ সকলো বিষয়ববীয়া, সদস্যই দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো উপায়ুক্ত/মহকুমাধিপতিয়ে সুনিশ্চিত কৰিব ।

◆ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে (এএছডিএমএ) জাৰি কৰা ক’ভিড বিধিৰ আধাৰত থিয়েটাৰ পাতিবলৈ চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিব।

◆ থিয়েটাৰ থলীত ক’ভিড বিধি আৰু ভ্ৰাম্যমান থিয়েটাৰৰ বাবে প্ৰযোজ্য কৰা মানক সঞ্চালন প্ৰক্ৰিয়াৰ নিয়মসমূহ পালন হৈছে নে নাই, সেয়া প্ৰশাসনে যিকোনো সময়তে পৰীক্ষা কৰিব। উলংঘন ধৰা পৰিলে থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি তাৎক্ষণিক ভাৱে বাতিল কৰিব আৰু আয়োজক সমিতি, থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব ।

◆ প্ৰয়োজন সাপেক্ষে জিলা/মহকুমা প্ৰশাসনে থিয়েটাৰ থলীৰ সমীপৱৰ্তী অঞ্চলত প্ৰথম পালি বা দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক ল’বলৈ বাকী থকা লোকসকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিব।

◆ আয়োজক সমিতিয়ে ক’ভিড বিধি আৰু ভ্ৰাম্যমানৰ এছঅ’পিৰ নিয়মসমূহ সম্পূৰ্ণ ভাৱে পালন কৰিব বুলি লিখিত নিশ্চয়তা প্ৰদান কৰি জিলা/মহকুমা প্ৰশাসনৰ পৰা লিখিত অনুমতি ল’ব লাগিব।

◆ থিয়েটাৰ চাবলৈ মাস্ক অবিহনেই অহা দৰ্শকক আয়োজকৰ ফালৰ পৰাই মাস্কৰ ব্যৱস্থা কৰি দিহে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিব পাৰিব । প্ৰত্যেক প্ৰৱেশদ্বাৰতে হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব।

◆ আয়োজকে টিকটত সহজেই চকুত পৰাকৈ ডাঙৰ আখৰেৰে ‘সকলোৱে ক’ভিড বিধি মানি চলক’ আৰু ‘সকলোৱে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰক’ বুলি ছপা কৰিব লাগিব।

◆ আয়োজক সমিতিয়ে থিয়েটাৰ থলীৰ লগতে আশ-পাশৰ এলেকাত ৰাইজক ক’ভিড বিধি মানি চলাৰ লগতে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনাই সঘনাই মাইকেৰে ঘোষণা কৰিব লাগিব।

◆ আয়োজক সমিতিয়ে প্ৰতি নিশা সান্ধ্য আইন আৰম্ভ হোৱাৰ পূৰ্বেই দৰ্শকসকল নিজ ঘৰলৈ ঘূৰি যাব পৰাকৈ সান্ধ্য আইনৰ যথেষ্ট পূৰ্বেই নাট প্ৰদৰ্শন বন্ধ কৰিব লাগিব ।

◆ ভ্ৰাম্যমান থিয়েটাৰ একোখনৰ প্ৰযোজক, শিল্পী, কলা-কুশলী, কৰ্মচাৰীকে ধৰি প্ৰতিগৰাকী সদস্যই দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক। থিয়েটাৰখনৰ সকলোৱেই দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱাৰ বিষয়ে থিয়েটাৰ কৰ্তৃপক্ষই আয়োজক সমিতিৰ জৰিয়তে আগতীয়াকৈ জিলা/মহকুমা প্ৰশাসনক লিখিত ‘স্ব-ঘোষণা পত্ৰ’ দাখিল কৰিব লাগিব।

◆ প্ৰেক্ষাগৃহত দৰ্শকসকলৰ মাজত ন্যূনতম সামাজিক দূৰত্ব ৰক্ষা হোৱাকৈ নিৰ্দিষ্ট দূৰত্বত আসনৰ ব্যৱস্থা কৰিব লাগিব।

◆ প্ৰতি দুসপ্তাহৰ মূৰত থিয়েটাৰৰ প্ৰতিগৰাকী সদস্যৰ আৰ‌এটি/আৰটিপিচিআৰ ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক । জিলা/মহকুমা প্ৰশাসনে বিচাৰিলে থিয়েটাৰৰ সদস্যসকলে শেহতীয়া ক’ভিড নিগেটিভ প্ৰমাণপত্ৰ দেখুৱাব লাগিব।

◆ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নিৰ্ধাৰিত ‘মানক সঞ্চালন প্ৰক্ৰিয়া’ (এছঅ’পি) আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এএছডিএমএ)ৰ ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ উলংঘন হ’লে স্বত্ত্বাধিকাৰীসহ থিয়েটাৰ গোষ্ঠী আৰু আয়োজকৰ বিৰুদ্ধে আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

◆ ক’ভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত এই মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি)ত প্ৰয়োজনীয় সাল-সলনি ঘটোৱা হ’ব।

◆ প্ৰেক্ষাগৃহত নাট প্ৰদৰ্শনৰ পূৰ্বে, মাজত আৰু শেষত দৰ্শক-ৰাইজৰ বাবে ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিড বিধি সঠিকভাৱে পালনৰ বাবে আহ্বান জনাই ঘোষণা আদি আগবঢ়াব।

Exit mobile version