কৰ্ণাটকৰ মন্দিৰত মহিলা ভক্তৰ পোছাক বিধি বলৱৎ চৰকাৰৰ

photo 1618901185975 d59f7091bcfe

কর্ণাটকৰ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত এতিয়াৰে পৰা পৰিধান কৰা পােছাকৰ প্রতি সতর্ক হ’ব লাগিব ভক্ত। বিশেষকৈ মহিলা ভক্তসকলে নির্দিষ্ট পােছাক বিধি মানি নচলিলে কর্ণাটকৰ মন্দিৰত প্ৰৱেশ কৰিব নােৱাৰিব।

আগন্তুক কেইদিনমানৰ ভিতৰতে কর্ণাটক চৰকাৰে ৰাজ্যখনৰ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত নির্দিষ্ট পােছাক বিধি বলৱৎ কৰিব। বিজেপিশাসিত ৰাজ্যখনৰ মন্দিৰক নিৰীক্ষণত ৰখা চৰকাৰী ধর্মীয় পৰিষদে ঘােষণা কৰা অনুসৰি, এতিয়াৰে পৰা কর্ণাটকত মন্দিৰত প্ৰৱেশ কৰিবলৈ হ’লে মহিলা আৰু পুৰুষ নির্বিশেষে যথাযথভাৱে হিন্দু পােছাক পৰিধান কৰিব লাগিব।

মহিলা ভক্তৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভক্তই নিজৰ শৰীৰ যথাযথভাৱে ঢাকি ৰাখি মার্জিত পােছাক পিন্ধিব লাগিব। ইয়াৰ অন্যথা মহিলাসকলে মন্দিৰত প্ৰৱেশৰ অনুমতি লাভ নকৰিব।

কর্ণাটকৰ মন্দিৰত মহিলাৰ পােছাক কেনে হ’ব লাগিব তাৰ এক ব্যাখ্যাও এজন পুৰােহিতে আগবঢ়াই কয় যে মহিলাৰ ক্ষেত্ৰত হিন্দু পােছাক হিচাপে শাড়ী হ’ব সবাতােকৈ উপযুক্ত।

কেমেৰাৰ সন্মুখত উক্ত পুৰােহিতে মহিলাসকলে মন্দিৰ দৰ্শনৰ সময়ত কেনেকৈ শাড়ী পৰিধান কৰিব লাগিব তাৰ দিহা আগবঢ়াই কয়, শাড়ী এনেদৰে পিন্ধিব লাগিব যাতে মহিলাৰ বুকু যথাযথভাৱে ঢাক খায়।

অৱশ্যে পুৰুষ ভক্তই মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত কেনে পােছাক পিন্ধিব লাগিব সেই সন্দৰ্ভত কোনাে পৰামর্শ আগবঢ়োৱা নাই পুৰােহিতে।এই সন্দৰ্ভত প্রশ্ন কৰাত পুৰােহিতজনে এটা টেলিভিছন চেনেলক এইদৰে কয়, ‘পুৰুষ ভক্তসকলৰ পােছাক কেনে হােৱা উচিত সেই বিষয়ত এতিয়াও সিদ্ধান্ত লােৱা হােৱা নাই। বিষয়টো সম্প্রতি আলােচনাধীন।’

কর্ণাটকৰ উক্ত পুৰােহিতৰ নাম হৰিনাৰায়ণ আশৰানা। তেওঁ দক্ষিণ কন্নড় মন্দিৰৰ প্রশাসনিক সদস্য। মহিলাসকলে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত কেনেদৰে শাড়ী পিন্ধিব লাগিব, সেই পৰামৰ্শ আগবঢ়োৱাৰ লগতে হৰিনাৰায়ণে ঘােষণা কৰি কৈছে যে ভক্তসকলে মন্দিৰ চৌহদত জিনছ পৰিধান কৰি প্ৰৱেশ কৰিব নােৱাৰিব।

বজৰং দলেও মন্দিৰৰ দেৱালত পােছাক বিধিৰ সন্দৰ্ভত ইতিমধ্যে প’ষ্টাৰ আৰিছে। পােছাক নির্দেশনা পালনত যাতে কোনাে বিচ্যুতি নহয়, তাক নিশ্চিত কৰিবলৈকে বজৰং দলে এইদৰে কর্ণাটকৰ মঠ-মন্দিৰত প’ষ্টাৰ আঁৰি পােছাক চলাইছে।

কর্ণাটকৰ দক্ষিণ কন্নড় জিলাৰ ২১১ টা মন্দিৰক চৰকাৰী কর্ণাটক ৰাজ্যিক ধার্মিক পৰিষদে চোৱা-চিতা কৰি আহিছে। প্রকাশিত বাতৰি অনুসৰি, ৰাজ্যখনৰ মন্দিৰত পােছাক বিধি জাৰি কৰাৰ নেপথ্যতাে এই পৰিষদ আছে।

পৰিষদৰ মন্তব্য অনুসৰি,মন্দিৰৰ সাংস্কৃতিক ঐতিহ্য অটুট ৰাখিবলৈকে এই সিদ্ধান্ত লােৱা হৈছে। বিষয়টো বাধ্যতামূলক কৰিবলৈ সেয়েহে দক্ষিণ কন্নড়ৰ প্রতিটো মন্দিৰত প’ষ্টাৰ-বেনাৰ অঁৰা হৈছে।

অৱশ্যে বিভিন্ন সামাজিক মাধ্যমত এইদৰে মন্দিৰত পােছাক বিধি প্ৰৱৰ্তনক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এইদৰে মহিলাৰ ওপৰত পােছাক বিধি বলৱৎ কৰাৰ তীব্ৰ বিৰােধিতা কৰিছে।

Exit mobile version