ডেৰ বছৰ পাছত বেদেশী পৰ্যটকৰ বাবে দুৱাৰ খুলিব ভাৰতে

1591898610 9623

প্রায় ডেৰ বছৰৰ পাছত ভাৰতে বিদেশী পর্যটকৰ বাবে দেশৰ দুৱাৰ মুকলি কৰিব। যােৱা বছৰৰ ২২ মাৰ্চৰ পৰা ভাৰতে আন্তর্জাতিক বিমানসেৱা আৰু পর্যটক ভিছা প্রদান বন্ধ ৰাখিছে। কৰ’নাৰ ব্যাপক সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি ভাৰতে বিদেশী পর্যটকৰ বাবে ইমানদিনে দেশৰ দুৱাৰ বন্ধ কৰি ৰাখিছিল।

কিন্তু অহা ১৫ অক্টোবৰৰ পৰা ভাৰতে পুনৰ পর্যটক ভিছা প্রদান প্রক্রিয়া মুকলি কৰিব। অৱশ্যে আগন্তুক এমাহৰ বাবে একমাত্র ব্যক্তিগত অথবা সংস্থাৰ জৰিয়তে ভাড়া কৰা চাটার্ড বিমানৰ জৰিয়তে বিদেশী নাগৰিকে ভাৰতত প্রৱেশ কৰিব পাৰিব। আন্তর্জাতিক যাত্রী বিমানৰে ভাৰতত প্ৰৱেশৰ বাবে বিদেশী পর্যটকসকলে কমেও এমাহ অপেক্ষা কৰিব লাগিব।

Exit mobile version