দিন বেয়া জুকাৰবাৰ্গৰ :’টাইম’ৰ বেটুপাতত ‘ডিলিট ফে’চবুক’ শ্ল’গান

medium 2021 10 08 e0452637a7 1

সম্প্রতি দিন বেয়া চলিছে ফে’চবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মার্ক জুকাৰবাৰ্গৰ। যােৱা পাঁচ অক্টোৰত ফেচবুকৰ লগতে হােৱাটছএপ আৰু ইনষ্টগ্রাম কমেও সাত ঘণ্টা বিকল হৈছিল।

ইয়াৰ পাছতে এসময়ত ফে’চবুকত কাম কৰা ফ্রান্সেছ হ’গেন নামৰ এজন প্রাক্তন কর্মীয়ে জুকাৰবাৰ্গৰ বিৰুদ্ধে ফেচবুক ব্যৱহাৰকাৰীৰ সুৰক্ষা বিঘ্নিত কৰাৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিছে।

এইবাৰ বিশ্বখ্যাত ‘টাইম’ আলােচনীয়ে জুকাৰবাৰ্গক আক্ৰমণৰ লক্ষ্য হিচাপে ল’লে। আলােচনীখনৰ শেহতীয়া সংখ্যাৰ বেটুপাতত পুনৰ স্থান লাভ কৰিলে ফে’চবুকৰ মুখ্য কাৰ্যবাহী বিষয়াই। কিন্তু কোনাে ইতিবাচক কাৰণত নহয়, বৰঞ্চ এক নেতিবাচক উপলক্ষত ‘টাইম’ৰ বেটুপাত শুৱনি কৰিলে জুকাৰবার্গে।

‘টাইম’ৰ শেহতীয়া সংখ্যাৰ বেটুপাতত জুকাৰবাৰ্গৰ এখন ফটো প্ৰকাশ কৰা হৈছে। কিন্তু এই ফটোখনত জুকাৰবাৰ্গৰ মুখৰ ওপৰত ‘ডিলিট ফে’চবুক’ বুলি লিখাৰ লগতে ‘কেন্সেল বা ডিলিট’ বুলি লিখা আছে।

‘টাইম’ৰ প্ৰচ্ছদ এই ফটোগ্রাফখন যথেষ্ট ইংগিতবাহক বিবেচিত হৈছে। বিশ্বখ্যাত আলােচনীখনে এইদৰে জুকাৰবাৰ্গৰ ফটো প্রচ্ছদত প্ৰকাশ কৰি ইংগিত দিলে যে এতিয়া ফেচবুক ত্যাগৰ সময় উপস্থিত হৈছে।

উল্লেখ্য যে কে’বা বছৰ পূর্বে ‘টাইমে’ জুকাৰবাৰ্গক ‘বৰ্ষটোৰ ব্যক্তি’ স্বীকৃতি দানৰে ফেচবুকক ভূয়সী প্রশংসা কৰি বেটুপাতত স্থান দিছিল।

Exit mobile version