নুমলীগড়ৰ মৰঙী চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমনত মৃত্যু এগৰাকী যুৱতী

নুমলীগড়ৰ মৰঙী চাহ বাগিচাত অঘটন ।বন্যহস্তীৰ আক্ৰমনত এগৰাকী যুৱতীৰ কৰুণ মৃত্যু । ঘটনাক কেন্দ্ৰ কৰি বাগিচা খনত তীব্ৰ উত্তেজনা । বন্ধ কৰি দিলে বাগিচা খন ।

নুমলীগড়ত দৈনিক অব্যাহত আছে হাতী মানুহৰ সংঘাত । আজি পুৱা ভাগত বন্যহস্তীৰ আক্ৰমণত জ্যোতি তাঁতী নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীৰ কৰুণ মৃত্যু ।

পুৱা নদীৰ পাৰলৈ যাওঁতেই বন্যহস্তীয়ে আক্ৰমণ কৰে যুৱতী গৰাকীক । যুৱতী গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচা খনত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা । অঞ্চলটোত দীৰ্ঘদিন ধৰি অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস ।

Exit mobile version