উৎসৱৰ বতৰত সােণৰ চাহিদা বৃদ্ধি

ছেপ্টেম্বৰত সােণৰ আমদানি ৬৫৮ শতাংশ বাঢ়িল, ৪০ হেজাৰ কোটি টকাৰে মুঠ ৯১ টন সােণ ক্রয় দেশীয় বজাৰৰ

gold price 1574675814

উৎসৱৰ বতৰত দেশত সােণৰ চাহিদাই গতি লাভ কৰিছে। দেশৰ বজাৰত সােণৰ আমদানি এই বছৰ যােৱা বছৰৰ তুলনাত প্রায় আঠগুণ বৃদ্ধি হৈছে। ক’ভিডৰ ভয় অতিক্রম কৰাৰ পাছত দেশীয় বজাৰখনে যােৱা আগষ্ট আৰু ছেপ্টেম্বৰত একেৰাহে আমদানি বৃদ্ধি কৰিছে হালধীয়া ধাতুবিধৰ।

আগষ্টৰ তুলনাত যােৱা মাহত এই হাৰ আৰু বেছি বৃদ্ধি পাইছে । আনহাতে, যােৱা বছৰৰ ছেপ্টেম্বৰৰ তুলনাত এই বছৰৰ ছেপ্টেম্বৰত দেশত সােণৰ আমদানি ৬৫৮ শতাংশ বা প্রায় আঠগুণ বৃদ্ধি হৈছে।

আলােচ্য সময়ছােৱাত ভাৰতে বিদেশৰ পৰা আমদানি কৰিছে মুঠ ৯১ টন সােণ, য’ত নেকি ২০২০ৰ ছেপ্টেম্বৰত মাত্র ১২ টন সােণহে আমদানি কৰা হৈছিল।

সীমা শুল্ক দপ্তৰৰ এগৰাকী শীর্ষ বিষয়াই সংবাদ সংস্থা ৰয়টাৰক জানিবলৈ দিয়া মতে, উক্ত আমদানিকৃত সােণৰ মূল্য প্রায় ৫১০ কোটি মার্কিন ডলাৰ। অর্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত মুঠ প্রায় ৪০ হেজাৰ কোটি টকাৰ ওচৰা-উচৰি।

যােৱা বছৰৰ ছেপ্টেম্বৰত সােণৰ চাহিদা নথকাৰ বাবে মূল্যবান ধাতুবিধৰ আমদানি নামত দেশীয় বজাৰখনে খৰচ কৰিছিল মাত্র ৬০.১ কোটি ডলাৰ বা আনুমানিক পাঁচ হেজাৰ কোটি টকা।

উল্লেখ্য যে উৎসৱৰ বতৰত সােণৰ মূল্যৰ নিৰন্তৰ উঠা-নমা হৈয়ে থাকে। এইবাৰাে তাৰ ব্যতিক্রম হােৱা নাই। এদিন যদি বাঢ়িছে, আনদিনা হ্রাস পাইছে।

যােৱা প্রায় এটা পষেক ধৰি বজাৰত সােণৰ মূল্য একেৰাহে হ্রাস পাইছে। এসময়ত ৫০ হেজাৰ টকাৰ সীমা অতিক্ৰম কৰিলেও ভাৰতীয় বজাৰৰ এমচিএক্স সূচকত ১০ গ্রাম সােণৰ মূল্য এতিয়া যথেষ্ট হ্রাস পাইছে।

যােৱা পাঁচ মাহত হালধীয়া ধাতুবিধৰ মূল্য ইয়াৰ নিম্নতম স্তৰলৈ হ্রাস পাইছে। সােণৰ লগতে, ৰূপৰ মূল্যৰাে হেৰফেৰ ঘটিছে। সমান্তৰালভাৱে আন্তর্জাতিক বজাৰত সােণ-ৰূপৰ মূল্য হ্রাস হােৱাৰ লগে লগে দেশীয় বজাৰতাে ইয়াৰ প্ৰভাৱ পৰিছে।

ইফালে, শাৰদোৎসৱ অহাৰ লগে লগে বজাৰত যি ধৰণে ক্রেতাৰ সমাগম বাঢ়িছে তাৰ পৰিপ্ৰেক্ষিতত দেশীয় বজাৰত সােণৰ চাহিদা হুৰাহুৰে বাঢ়িছে। ক্রেতাক আকৃষ্ট কৰিছে সােণৰ পৰিৱৰ্তিত মূল্যয়াে।

মহালয়াৰ দিনাখন দেশীয় বজাৰত প্রতি ১০ গ্রাম সােণৰ মূল্য অভিলেখ মূল্যতকৈ প্রায় ১০ হেজাৰ টকা কম আছিল, যাৰ বাবে দুর্গা পূজাৰ এই সময়ছােৱাত মধ্যবিত্ত শ্রেণীৰ গ্রাহকেও গহনাৰ বিপণীসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে।

Exit mobile version