ছ’নী টিভিৰ কিডছ ডান্স ৰিয়েলিটি শ্ব’ ছুপাৰ ডেঞ্চাৰৰ চূড়ান্ত খিতাপ জয়ী ফ্ল’ৰিনা গগৈ

florina tushar

ছ’নী টিভিৰ কিডছ ডান্স ৰিয়েলিটি শ্ব’ ছুপাৰ ডেঞ্চাৰৰ চূড়ান্ত খিতাপ অসমৰ ফ্ল’ৰিনা গগৈৰ । পৃথ্বীৰাজে লাভ কৰে ছুপাৰ ডেঞ্চাৰৰ ফাৰ্ষ্ট ৰানাৰ আপৰ খিতাপ। পাঞ্জাবৰ সঞ্চিতা চানানাই লাভ কৰে ছেকেণ্ড ৰানাৰ আপৰ খিতাপ।

ছুপাৰ ডেঞ্চাৰৰ মেগা ফাইনেলত বিচাৰক হিচাপে উপস্থিত আছিল শিল্পা শেট্টী, চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ বাসুৰ লগতে বিচাৰকৰূপে উপস্থিত আছিল গীতা কাপুৰ।

ছুপাৰ ডেঞ্চাৰৰ চূড়ান্ত খিতাপ লাভ কৰা ফ্ল’ৰিনাই ১৫ লাখ টকাৰ স’তে লাভ কৰে এটা ট্ৰফী। ফ্ল’ৰিনাৰ গুৰু তুষাৰ শেট্টীকো নগদ পুৰস্কাৰ হিচাপে পাঁচ লাখ টকাৰে পুৰস্কৃত কৰা হৈছে।

Exit mobile version