Car Offer : বাম্পাৰ অফাৰ : উৎসৱৰ বতৰত ৰেহাইৰ বৰষুণ গাড়ীৰ বজাৰত

front left side 47

উৎসৱৰ বতৰ আৰম্ভ হােৱাৰ লগে লগে গ্রাহকসকলক আকর্ষিত কৰিবলৈ বাহন কোম্পানীবােৰে বিভিন্ন অফাৰৰ স’তে নগদ ৰেহাই ঘােষণা কৰিছে। ইয়াৰ জৰিয়তে, কোম্পানীবােৰে তেওঁলােকৰ বিক্ৰী বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে।

বহুকেইটা কোম্পানীয়ে নগদ ৰেহাই আগবঢ়াইছে। আনহাতে, আন কেতবােৰে এক্সচেঞ্জ বােনাচ আৰু কৰ্প’ৰেট ৰেহাই আগবঢ়াইছে। টাটা মটৰ্ছৰ দৰে কোম্পানীয়ে।গ্রাহকসকলক গাড়ী ক্ৰয়ৰ ওপৰত বিনামূলীয়া বীমা আৰু বর্ধিত ৱাৰেণ্টিৰ সুবিধাও আগবঢ়াইছে।

হুণ্ডাই : ন্যূনতম ১৫ হেজাৰ টকাৰ পৰা ১.৫০ লাখ টকালৈকে ৰেহাই ঘােষণা কৰিছে এই কোম্পানীটোৱে। কোম্পানীটোৱে গ্লেণ্ড আই-১০ নিওচ আৰু হুণ্ডাই অ’ৰাত নগদ ৰেহাই, এক্সচেঞ্জ বােনাছ আৰু কৰ্প’ৰেট ৰেহাইৰ স’তে ৫০ হেজাৰ টকালৈকে ৰেহাই আগবঢ়াইছে।

আনহাতে, চেন্ট্রো আৰু আই-২০ দৰে গাড়ী ক্রয় কৰা গ্রাহকক ৪০ হেজাৰ টকালৈকে ৰেহাই প্রদান। কৰি আছে হুণ্ডাইয়ে। চেট্টো, গ্লেণ্ড আই-১০ নিওচ আৰু অ’ৰাৰ চিএনজি প্রকাৰতাে ১৫ হেজাৰ টকা পর্যন্ত এক্সচেঞ্জ অফাৰৰ লগতে কৰ্প’ৰেট ৰেহাই পাব পাৰে গ্রাহকে।

হােণ্ডা : উৎসৱৰ বতৰৰ প্রতি লক্ষ্য ৰাখি কোম্পানীটোৱে ইয়াৰ বিভিন্ন গাড়ীত ১৮ হেজাৰ টকাৰ পৰা ৫৩ হেজাৰ টকালৈকে ৰেহাই আগবঢ়াইছে। এই সময়ত যদি আপুনি হােণ্ডাৰ এমেজ (২০২১) গাড়ীখন ক্রয় কৰে,আপুনি লয়েলটি বােনাচ, এক্সচেঞ্জ অফাৰ আৰু কৰ্পৰেট ৰেহাইৰ স’তে ১৮ হেজাৰ টকালৈকে লাভ কৰিব পাৰে। হােণ্ডা চিটিৰ জেড জেনেছেনতাে ৫৩,৫০৫ টকা আৰু লগতে ৱাই জেনেৰেছনত ২২ হেজাৰ টকালৈকে ৰেহাই দি থকা হৈছে। কোম্পানীটোৱে ডব্লিউআৰভিত ৪০ হেজাৰ টকা আৰু জেজত ৪৫,৯০০ টকালৈকে ৰেহাই আগবঢ়াইছে।

টাটা : পূজাৰ বতৰত গ্ৰাহকক নগদ ৰেহাইৰ স’তে বিনামূলীয়া বীমাৰ সুবিধা দিছে এই কোম্পানীটোৱে। এই অফাৰৰ আওতাত নিয়ন, টিয়েগাে, টিগৰ আৰু হেৰিয়াৰৰ দৰে গাড়ীত নগদ ৰেহাই, এক্সচেঞ্জ বােনাছ, বিনামূলীয়া বীমা আৰু সম্প্রসাৰিত ৱাৰেন্টি আগবঢ়াইছে। তাৰ উপৰি টাটা টিয়েগােৰ বিভিন্ন সংস্কৰণত ২৩ হেজাৰ টকাৰ পৰা ২৮ হেজাৰ টকালৈ অতিৰিক্ত ৰেহাই প্রদান কৰিছে। ইফালে টিগৰৰ পেট্রল ভেৰিয়েন্টত ২৮ হেজাৰ টকাৰ ৰেহাই দিছে। টাটাই নিয়নৰ পেট্রল ভেৰিয়েন্টত তিনি হেজাৰ টকা আৰু ডিজেল ভেৰিয়েণ্টত এক্সচেঞ্জ বােনাছ আৰু কৰ্প’ৰেট ৰেহাইৰ স’তে মুঠ ২০ হেজাৰ টকা ৰেহাই দিছে। কোম্পানীটোৱে ইয়াৰ ই-কাৰ টাটা নিয়ন ইভিতাে ১৩ হেজাৰ টকাৰ ৰেহাই আগবঢ়াইছে।

মাৰুতি : এছ-ক্ৰছত সর্বাধিক ৰেহাই ঘােষণা কৰিছে মাতিয়ে। উৎসৱৰ বতৰত বিক্ৰী কৰাৰ বাবে, কোম্পানীটোৱে বালেনােৰ বিভিন্ন সংস্কৰণত এক্সচেঞ্জ বােনাছ, নগদ ধন আৰু কৰ্প’ৰেট ৰেহাইসহ মুঠ ২৭ হেজাৰ টকালৈ ৰেহাই আগবঢ়াইছে। ইগনিছৰ বিভিন্ন সংস্কৰণত ১২,৫০০ টকাৰ পৰা ১৭,৫০০ টকালৈকে ৰেহাই পাব এইবাৰ গ্রাহকে। আনহাতে, এছ-ক্ৰছ আৰু ইয়াৰ বার্ষিকী সংস্কৰণত ৪৫ হেজাৰ টকালৈকে ৰেহাই দি আছে মাতিয়ে।

Exit mobile version