Harmanpreet Kaur : মহিলাৰ ক্ৰিকেটৰ উন্নতিৰ বাবে কি বিচাৰিছে অধিনায়ক হৰমনপ্ৰীতে

মহিলাৰ আইপিএল আয়োজনৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে ভাৰতৰ মহিলা টি২০ দলৰ অধিনায়িকা হৰমনপ্রীত কৌৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টি২০ মেচৰ পাছত এই দাবী কৰে হৰমনপ্রীতে ।

হৰমনপ্রীতৰ মতে, মহিলাৰ আইপিএল হ’লে ভাৰতৰ মহিলা ক্রিকেটাৰসকল লাভৱান হ’ব । তেওঁ কয়, ‘‘বিশ্বকাপৰ আগত আমি ভালকৈ খেলিব লাগিব । সেয়ছ মহিলাৰ আইপিএল হ’লে আমাৰ অধিক সুবিধা হ’ব ।’’

দ্বিতীয় টি২০ মেচত ৰাণ ল’বলৈ গৈ একে সময়তে ৭১ ৰাণত পাঁচ উইকেট হেৰুৱাবলগীয়া হৈছিল অষ্ট্ৰেলিয়াই । তাৰ পৰাই দলৰ জয়ৰ প্ৰশস্ত কৰে তাহিলা মেকগ্রাই । ৩৩ বলত ৪২ ৰাণ কৰি তেওঁ অপৰাজিত থাকে । হৰমনপ্রীতৰ মতে, মেকগ্রাই মহিলাৰ বিগ বেচ লিগত খেলাৰ বাবে এইয়া সম্ভৱ হৈছে ।

ভাৰতৰ অধিনায়িকাই কয়, ‘‘মহিলাৰ বিগ বেচ লিগৰ বাবেই মেকগ্রাই আত্মবিশ্বাসেৰে খেলিব পাৰিছে । আমাৰ দলত বহু ক্রিকেটাৰৰ এনে অভিজ্ঞতা নাই । যেনে ৰেণুকা সিং । তেওঁ ঘৰুৱা ক্রিকেটত ভাল খেলিলেও এতিয়াও অভিজ্ঞ নহয় । অথচ প্রথম দুটা অভাৰত ভাল বল কৰিছে । মহিলাৰ আইপিএল হ’লে নতুন সদস্যসকলৰ বাবে খুব সুবিধা হ’ব । নতুন ক্রিকেটাৰসকলে মহিলাৰ আইপিএল নহ’লেও ভাৰতীয় দলৰ আঠজন বিগ বেচ লিগত খেলিব ।

আইপিএল-ৰ উদাহৰণ দাঙি ধৰি হৰমনপ্রীতে আৰু কয়, ‘‘আইপিএল-ত ৪০-৫০ টা মেচ খেলাৰ পাছত আন্তর্জাতিক ক্রিকেট খেলত নামিলে অনেক পৰিণত হৈ খেলিব পৰা যায় । সেই সুযোগ মহিলাৰ ক্রিকেটত পোৱা নাই । ঘৰুৱা ক্রিকেটত খুব বেছি নেখেলাকেই তেওঁলোকে আন্তর্জাতিক ক্রিকেটত নামি পৰাত সমস্যা হৈছে ।’’

Exit mobile version