Maria Ressa : ফেচবুক গণতন্ত্রৰ বাবে অতি বিপজ্জনক, নোবেল লাভ কৰিয়ে সৰৱ ৰেছা

20190215 maria ressa gc 000 6778 1

নোবেল শান্তি পুৰস্কাৰ গ্রহণৰ পাছৰ দিনাখনে ফেচবুকৰ বিৰুদ্ধে সৰৱ হ’ল ফিলিপিন্সৰ সাংবাদিক মাৰিয়া ৰেছা । তেওঁ কয়, ‘‘ফেচবুক গণতন্ত্রৰ বাবে বিপজ্জনক ।’’ তেওঁৰ অভিযোগ, বিশ্বৰ সর্ববৃহৎ সামাজিক মাধ্যমটো ঘৃণা, ভুৱা তথ্য বিয়পা ৰোধ কৰিবলৈ সম্পূর্ণ ব্যর্থ । তেওঁ লগতে কয়, ‘‘বহু ক্ষেত্রত দেখা গৈছে তথ্য সন্দৰ্ভত সম্পূৰ্ণ নিৰপেক্ষ নহয় সংস্থাটো ।’’

ফিলিপিন্সৰ সংবাদ সংস্থা ‘ৰাপ্লাৰ’-ৰ প্রধানে সাংবাদিকৰে হোৱা এটা সাক্ষাৎকাৰত কয়, ‘‘ফেচবুকৰ এলগৰিদমত সকলো সময়তে ভুৱা খবৰে প্রাধান্যতা পায়, ক্ষোভ আৰু ঘৃণাত পৰিপূর্ণ সংবাদ ।’’ সম্প্রতি, সেই একেই অভিযোগত আমেৰিকান কংগ্রেছৰ অধিবেশনতো বিদ্ধ হৈছে ফেচবুক । সংস্থাৰ এজন প্রাক্তন কর্মী ফ্রান্সেছ হগেনে চেনেটত কয়, কেনেদৰে কেৱল লাভৰ বাবে মানুহৰ নিৰাপত্তাক লৈ হেতালি খেলিছে ফেচবুকে । সমাজত বিভাজন সৃষ্টি কৰিছে । সৰু ল’ৰা-ছোৱালীৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰিছে । অতি কম বিষয়তে সহমত হোৱা দেখা যায় ৰাপাব্লিকান আৰু ডেমোক্রেট সদস্যসকলক । কিন্তু ফেচবুকৰ বিষয়ে দুই দলকেই একমত হোৱা দেখা গৈছে ।

কিছুদিন পূৰ্বে ফেচবুকৰ কর্ণধাৰ মার্ক জোকাৰবাৰ্গে অভিযোগ অস্বীকাৰ কৰি কৈছিল, ‘‘তেওঁৰ সংস্থাই বহু মানুহক ব্যৱসায়ত সহায় কৰিছে, বহু মানুহক একযোগ কৰিছে । অভিযোগ সম্পূর্ণ সত্য নহয় ।’’ কিন্তু স্বত্তেও বেচ চাপত আছে সংস্থাটো । ৰেছাৰ মন্তব্যৰ পাছত এই পর্যন্ত কোনো প্ৰত্যুত্তৰ দিয়া নাই ফেচবুকে ।

সংবাদমাধ্যমৰ বাক্‌স্বাধীনতাক লৈ যুঁজি যাবৰ বাবে কালি মাৰিয়া ৰেছা আৰু ৰুছ সাংবাদিক দিমিত্রি মুৰাতভেক সন্মানিত কৰে নোবেল কমিটীয়ে । মাৰিয়াৰ বক্তব্য, ‘‘বর্তমান বিশ্বৰ সর্ববৃহৎ খবৰ সৰবৰাহকাৰী ফেচবুক । কিন্তু প্রায়েই দেখা যায়, তেওঁলোকৰ খবৰ পক্ষপাতী । তথ্যক লৈ পক্ষপাতিত্ব কৰে তেওঁলোকে, সাংবাদিকতাক লৈও । যদি আপোনাৰ লগত সঠিক তথ্য নাথাকে, তেনেহ’লে আপোনি সত্য নহয় । এই ক্ষেত্রত আপোনাৰ গণতন্ত্রও নাই ।’’ মাৰিয়াই জনায়, যদি সত্যিটো নজনাই, তেনেহ’লে জলবায়ু পৰিৱর্তনেই হ‌ওক বা কৰ’না ভাইৰাছ, কোনো সমস্যাৰেই সমাধান সম্ভৱ নহয় ।

২০২১ৰ সমীক্ষা অনুযায়ী, সামাজিক মাধ্যমত আটাইতকৈ বেছি সময় দিয়ে ফিলিপিনোই । এনে প্রভাৱশালী মাধ্যমত ফিলিপিন্সৰ স্বৈৰাচাৰী শাসক ৰদৰিগো দুতের্তৰ কঠোৰ সমালোচক ৰেছা ৰাষ্ট্ৰপতিৰ সমর্থকসকলৰ লক্ষ্যত আছে । ৰেছাই জনায়, এই সকলোবোৰ তেওঁক আৰু তেওঁৰ সংস্থাৰ গুৰুত্বক শেষ কৰাৰ চেষ্টা । হাঠিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয় সামাজিক মাধ্যমক । তেনে সময়তে ফেচবুকত প্ৰকাশ পোৱা খবৰ ‘সঠিক আৰু নিৰপেক্ষ’ হোৱা কিমান প্ৰয়োজনীয়, সেয়া স্পষ্ট কৰি দিয়ে ৰেছাই ।

Exit mobile version