Xi Jinping : ‘মাতৃভূমি’ক সংযুক্ত কৰিবলৈ শান্তিপূৰ্ণভাৱে তাইৱানক চীনৰ স’তে একজোঁট কৰিব বিচাৰে জিনপিঙে

59455717 303

বিগত সপ্তাহতেই চাৰিদিন ধৰি তাইৱানৰ আকাশত প্রায় শতাধিক বিমানেৰে পহৰা দি আছিল চীনে । এইবাৰ চীনৰ স’তে সেই দেশৰ ভূখণ্ডৰ ‘পুনর্মিলনৰ’ প্রক্রিয়া ‘শান্তিপূর্ণ’ভাৱে সম্পূর্ণ কৰাৰ কথা কৈ পুনৰ শিৰোনামত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং ।

গণতান্ত্রিক দেশ তাইৱানক প্রথমৰ পৰা নিজৰ মূল ভূখণ্ডৰ অংগ বুলি দাবী কৰি আহিছে চীনে । যি প্ৰকৃতাৰ্থত কৰিবলৈ একেলেথাৰি সেই দেশৰ ওপৰত ৰাজনৈতিক আৰু সামৰিক চাপ বৃদ্ধি কৰি আছে তেওঁলোকে । তদুপৰি, বেইজিঙৰ পৰা ২০১৯ত প্ৰত্যক্ষ শক্তিৰ জোৰত তাইৱানৰ ক্ষমতা দখলৰ হুমকিও দিয়ে জিনপিঙে । কিন্তু নিজৰ অৱস্থানত অটল থাকি তাইৱানৰ ৰাজধানী তাইপেই-ৰ তৰফৰ পৰা জনোৱা হয় যে, স্বাধীনতা চীনৰ হাতত তুলি দিয়াৰ কোনো প্রশ্নই নাই । তাইৱানৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব দেশৰ মানুহে । অন্য কোনো নহয় ।

যদিও হাৰ নামানে চীনে । বিভিন্ন দিশৰ পৰা চাপ বৃদ্ধি কৰি গৈছে । যোৱা এক অক্টোবৰৰ পৰা তাইৱানৰ আকাশত জাকে জাকে আক্ৰমণ চলায় চীনা বাহিনীৰ বিমানে । ফলত আন্তর্জাতিক মহলৰ ভর্ৎসনাৰ মুখত পৰে বেজিং । আজি তাইৱান প্রসংগত প্রথম মুখ খুলিলে জিনপিঙে । দখল সন্দৰ্ভত নিজৰ অৱস্থানৰ পৰা আঁতৰি অহাৰ ইংগিত নিদিলেও তাৎপর্যপূর্ণভাৱে সামান্য নৰম হোৱা দেখা যায় । জিনপিঙে জনায়, এই বিষয়ত ‘শান্তিপূর্ণ’ পদ্ধতি অৱলম্বন কৰাতেই জোৰ দিব তেওঁলোকে ।

বেজিঙৰ ‘গ্রেট হল’-ত চীনত সাম্রাজ্যবাদ শাসন অৱসানৰ বর্ষপূর্তি অনুষ্ঠানৰ জিনপিঙৰ বক্তৃতাত যদিও আজি তাইৱানত বিমান আক্ৰমণৰ কোনো উল্লেখ নাছিল । তেওঁৰ মন্তব্য, ‘‘বিচ্ছিন্নতাবাদৰ বিৰোধিতা চীনৰ ঐতিহ্যত আছে । তাইৱানৰ স্বাধীন চৰকাৰ গঠন প্ৰকৃততে বিচ্ছিন্নবাদৰেই অংশ যি চীনৰ মাতৃভূমিক বিভক্ত কৰিছে আৰু তাৰ পুনর্মিলনৰ ক্ষেত্রত বৃহৎ বাধা হৈ পৰিছে ।’’

লগতে হুমকিও দি তেওঁ কয়, ‘‘চীনৰ মানুহৰ কঠোৰ সংকল্প আৰু দেশৰ সার্বভৌমত্ব ৰক্ষাৰ ক্ষমতাক কোনেও যেন পাতলভাৱে নলয় । বিভাজন শেষ কৰি মাতৃভূমিক একযোগ কৰাৰ কাৰ্য সম্পন্ন কৰাব লাগিব আৰু অৱশ্যেই তেই কাৰ্য শেষ কৰা হ’ব ।’’

জিনপিঙৰ বক্তৃতাৰ মাত্র কিছু ঘণ্টা পূৰ্বেই এক অনুষ্ঠানত অঞ্চল দখলক কেন্দ্র কৰি চীনৰ ‘ৰঙা চকুক’ লৈ মুখ খুলিছিল তাইৱান চৰকাৰে । ১০ অক্টোবৰত ৰাষ্ট্ৰীয় দিৱস পালন কৰে তাইৱানে । সেই অনুষ্ঠানত জিনপিঙৰ প্ৰত্যুত্তৰত তাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে কি কয় সেয়া হ’ব লক্ষণীয় ।

Exit mobile version