আফগানিস্তান তিনি প্রদেশত পুনৰ খােল খালে কন্যা বিদ্যালয়

14079197862 002da88bdc k

আফগানিস্তানৰ তিনিখন প্রদেশত ছাত্ৰীয়ে বিদ্যালয়লৈ যােৱাৰ সুবিধা পুনৰ লাভ কৰিলে। কুণ্ডুজ, বলখ আৰু ছৰ-এ-পুল প্রদেশত ইতিমধ্যে কন্যা সন্তানৰ বাবেও বিদ্যালয়ৰ দুৱাৰ মুকলি কৰা হৈছে আৰু ছাত্ৰীয়ে বিদ্যালয়ত পাঠ গ্রহণ আৰম্ভ কৰিছে।

অৱশ্যে তিনি প্রদেশত ছাত্র-ছাত্ৰীক পৃথককৈ পাঠদানৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে তালিবানে আফগানিস্তান পুনৰ দখল কৰাৰ পাছত দেশখনত ছাত্রীসকলক বিদ্যালয়লৈ যােৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰিছিল।

Exit mobile version