বিগত বৰ্ষৰ তুলনাত এই বছৰ বাংলাদেশত দুর্গা পূজাৰ মণ্ডপৰ সংখ্যা ১,৯০৫ খন বৃদ্ধি পালে। কেৱল ৰাজধানী ঢাকাতে এইবাৰ আয়ােজন কৰা হৈছে ২৩৮ খন পূজাৰ।
বাংলাদেশ চৰকাৰেও পূজা কমিটীসমূহলৈ মুঠ তিনি কোটি টকাৰ অনুদান আগবঢ়াইছে। কৰ’নাৰ ব্যাপক সংক্রমণৰ পাছতাে বাংলাদেশত দুর্গা পূজাৰ মণ্ডপৰ সংখ্যা বৃদ্ধি পাই ৩২,১১৮ খন হ’ল।
যােৱা বছৰ শ্বেখ হাছিনা চৰকাৰে পূজা উপলক্ষে কমিটীসমূহক দুই কোটি টকাৰ আর্থিক সাহায্য প্রদান কৰিছিল আৰু এইবাৰ সাহায্যৰ পৰিমাণ তিনি কোটি টকালৈ বৃদ্ধি কৰিলে।