Skin Care:সুস্থ তত্ব বিচাৰে ? খাওক এই চাৰি প্ৰকাৰৰ চাহ

CHAI 1024x1024 1

ৰাতিপুৱা শুই উঠি চাহ একাপ খোৱাটো প্ৰায় সকলোৰে প্রিয় ।পুৱা উঠি চাহ কাপ নাখালে যেন দিনটোয়ে আৰম্ভ নহয়! চাহ খোৱাটো স্বাস্থ্যৰ বাবেও উপকাৰী । যদি আপুনি নিজৰ খোৱাৰ ৰুটিনত যোগ দিব পাৰে নতুন কে’বাটাও চাহ ,তেতিয়া হ’লে ভাল থাকিব আপোনাৰ তত্ব।

ADVERTISEMENT

সকলো সময়তে যে বাহিৰৰ পৰা ছালৰ যত্ন ল’লেই ছাল ভালে থাকিব তেনে নহয় ! ছালৰ যত্নৰ প্ৰাথমিক উপাদান হিচাপে দৈনিক খাব পাৰে আপুনি চাৰি প্ৰকাৰৰ চাহ ।

গ্ৰীণ চাহ

দিনত কমেও এবাৰ গ্ৰীণ চাহ খাব। ইয়াত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। নিয়মীয়াকৈ গ্ৰীণ টি খোৱাৰ ফলত শৰীৰৰ পৰা অতিৰিক্ত ওজন হ্ৰাস হয়। ইয়াৰ কিছুমান উপাদানে মগজুৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব পাৰে। গ্ৰীণ টিয়ে আনকি হৃদযন্ত্ৰভাল ৰখাত সহায় কৰে। গ্ৰীণ টি খালে ছালৰ জ্বলা-পোৰা আৰু যিকোনো সংক্ৰমণ সহজে হ্ৰাস পাব।

উলৰ চাহ

কেতিয়াবা ছালত খজুৱতিৰ সমস্যা হয় নেকি? উলংগ চাহে ছালৰ খজুৱতিৰ যিকোনো সমস্যা আঁতৰ কৰিব পাৰে। এই চাহ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। ৰাতি শুবলৈ যোৱাৰ কেইঘণ্টামান আগতে এই চাহ খালেও নিদ্ৰাহীনতাৰ সমস্যা কমি যাব ।

পুয়েৰ চাহ

ব্যায়াম কৰি ভাগৰি পৰিছে নেকি? পুয়েৰ চাহ খাওক। এই চাহ খালে ভালে থাকে হৃদযন্ত্ৰ । পুয়েৰ চাহে শৰীৰৰ পৰা দূষিত পদাৰ্থ বোৰ উলিয়াই দিয়ে, যাৰ ফলত ওজন সোনকালে হ্ৰাস হয়। কেতিয়াবা কম বয়সতে ছালত কোঁচ পৰে। পুয়েৰ চাহ খালে ছালটান আৰু নমনীয় হ’ব।

হোৱাইট টি

আপুনি কেতিয়াবা হোৱাইট টি খাইছে নে ? নাখালে এতিয়া খাব। এই চাহে ছালৰ কোঁচ আঁতৰাব পাৰে। আনকি নিয়মীয়াকৈ এই চাহ খালে হৃদৰোগৰ আশংকাও হ্ৰাস হ’ব।

Exit mobile version