খাৰুপেটীয়াত দুৰ্গা পূজা মণ্ডপত ভক্তৰ বিৰল তপস্যা

আকৰ্ষণৰ কেন্দ্ৰ বিন্দু খাৰুপেটীয়াৰ ৰামকৃষ্ণপল্লীৰ নৱ-দুৰ্গাপূজা মণ্ডপ

IMG 20211012 WA0004

এগৰাকী অবিবাহিত যুৱক অৰ্জুণ দাস ৷ বয়স ৩৫ বছৰ ৷ দৰঙৰ একমাত্ৰ ব্যৱসায়িক নগৰী খাৰুপেটীয়াৰ খেতাশ্বৰ গাঁৱৰ ৰামকৃষ্ণ পল্লীত তেখেতৰ ঘৰ ৷ বিগত সাত বছৰেদি তেখেতৰ ঘৰতে উদযাপিত হৈ আহিছে ৰাজহুৱা ভাৱে “নব দূৰ্গা পূজা” ৷।এইবাৰো তাৰ ব্যতিক্ৰম নহয় ৷

কিন্তু এইবাৰ উক্ত দূৰ্গা পূজা মণ্ডপটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ বিশেষ আকৰ্ষণ হৈছে অৰ্জুণ দাসৰ বিশেষ কাৰ্য ৷ নৱৰাত্ৰি অৰ্থাৎ মহালয়াৰ দিনা পুৱা হঠাৎ অৰ্জুণ দাসে সকলোৰে অজ্ঞাতে উক্ত দূৰ্গা পূজাথলীৰ মজিয়াত শুই আৰম্ভ কৰে মৌনব্ৰত তপস্যা ৷

ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰি তেখেতৰ বুকুৰ ওপৰত এটা ট্ৰেত নৱৰাত্ৰীৰ ন টা কলহ হৈ আৰম্ভ কৰা এই কঠোৰ তপস্যাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ উক্ত পূজা কমিটিৰ সম্পাদক সন্তোষ দাসে জানিবলৈ দিয়া মতে, দশমী পূজা শেষ নোহোৱালৈকে অনাহাৰে আৰু মল ত্যাগ বা প্ৰেস্বাব পৰ্যন্ত নকৰাকৈ চকু মুদি এনেদৰেই মৌন ভাৱে তপস্যা কৰিব তপস্যীজনে ৷

এই তপস্যাৰ মুল কাৰণ কি তপস্যীজনে কাকো অৱগত কৰা নাই ৷ আনকি তেখেতৰ মাতৃতেই এই তপস্যাৰ বিষয়ে অৱগত কৰা নাই বুলি কয় সম্পাদক জনে ৷ এই ঘটনাটো প্ৰচাৰ হোৱাৰ লগে লগে পূজা মণ্ডপটোত ভক্তগণৰ সোত ববলৈ ধৰিছে ৷

তপস্যী জনক এবাৰ ওচৰৰ পৰা চাবলৈয়ে দূৰ দূৰণিৰ পৰাও ভক্ত প্ৰাণ সকলৰ অজস্ৰ সোতববলৈ ধৰিছে ৷ তাৰ মাজতে কালি ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰতিমা অধিষ্ঠিত হোৱাৰ পিছত আৰম্ভ হৈছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আৰাধনা ।

ইপিনে বিগত প্ৰায় দুটা বছৰ ক’ভিড ১৯ ৰ বাবে ৰাজ্য বাসীয়ে পূজাৰ আনন্দ উল্লাহৰ পৰা বঞ্চিত হৈছিল যদিও এইবেলি চৰকাৰে জাৰি কৰা এচ অ পি মতে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ খাৰুপেটীয়াতো পূজা সমিতি সমূহে ভক্তক আকৰ্ষিত কৰাৰ বাবে পূজা মণ্ডপ সমূহ সজাই পৰাই ৰং বিৰঙী আলোক সজ্জাৰে সজ্জিত কৰি তোলা পৰিলক্ষিত হৈছে ।

বিগত বছৰ অনুষ্টুপীয়াকৈ পতা হৈছিল পুজা । এইবাৰ পূজাৰ সময়ত কভিড মহামাৰী হ্ৰাস পোৱাত চৰকাৰে আনুষ্ঠানিক ভাবে দূৰ্গা পূজাৰ অনুমতি দিছে যদিও সম্পূৰ্ণ ক’ভিড প্ৰ’টকলৰ মাজত দুৰ্গা পূজাৰ অনুষ্ঠিত কৰিবলৈ দিছে ।

খাৰুপেটীয়া দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ সভাপতি তথা নগৰ সমিতিৰ কাৰ্য্যবাহী বিষয়া তথা মঙলদৈৰ নিৰ্বাচনী বিষয়া সীমান্ত বসুমতাৰী, কাৰ্য্যকৰী সভাপতি কৃষ্ণা সাহা, সম্পাদক স্বপন দাস, বিষয় ববীয়া দীবাকৰ নন্দী , পাৰ্থ সাহা প্ৰমুখ্যে পৰিচালনা সমিতিৰ বিষয় ববীয়াসকলে জানিবলৈ দিয়া মতে এইবাৰ দূৰ্গা পূজা পৰিবচালনা সমিতিয়ে পূজাত সকলো পূজা মণ্ডপ পৰচালনা সমিতিৰ বিষয় ববীয়া সদস্যই ক’ভিড ভেকচিন দিয়াটো বাধ্যতামূলক, পূজাৰী দৰ্শনাৰ্থীসকলেও ক’ভিড ভেকচিন লব লাগিব , এইবাৰ পূজাৰ দশমীৰ দিনাখন কোনো সমদল উলিয়াব নোৱাৰিব, নিশাৰ ভাগত উচ্চস্বৰে মাইক বজাব নোৱাৰিব ইত্যাদি নিয়ম নীতিৰ কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰিছে ।

পূজা সমিতিয়ে জানিবলৈ দিয়া মতে প্ৰত্যেক বছৰৰ দৰে এইবাৰো খাৰুপেটীয়াত ৫০ টা পুজা মণ্ডপ সম্পূৰ্ণ হৈ উঠিছে । উল্লেখ্য যে ইতিমধ্যে পূজা মণ্ডপ সমূহত নানাধৰণৰ সাজ সজ্জাৰে সজ্জিত কৰি তুলিছে । পূজা পৰিচালনা সমিতিৰ মুখ্য পৃষ্ঠপোষক সাংসদ দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক মজিবুৰ ৰহমানেও পূজাৰ সকলো কাম কাজ নিয়াৰিকৈ সম্পূৰ্ণ হোৱাৰ বাবে তথা সাফল্যমণ্ডিত কৰিবলৈ সমষ্টিবাসী আৰু বিশেষকৈ বৃহত্তৰ খাৰুপেটীয়াবাসী ৰাইজৰ সহযোগিতাৰ কামনা কৰিছে ।

একেদৰেই দলগাঁও, কৌপাতী, বৰঝাৰ এলেকাতো এইবাৰ ক’ভিড নীতি নিয়মৰ মাজেৰেই উলহ মালহেৰে আৰম্ভ কৰিছে দূৰ্গা পূজা ৷ উল্লেখ্য যে বিগত সময়ত ক’ভিডে সংহাৰি যোৱাত মানুহৰ আৰ্থিক অৱস্থা কোঙা কৰি পেলোৱাৰ ওপৰিও অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰি পেলোৱাত আগৰ দৰে এইবাৰ খাৰুপেটীয়াত আগৰ দৰে নাই জাকজমকতা ৷

Exit mobile version