দুৰ্বল প্ৰতিৰোধ ক্ষমতাসম্পন্ন ব্যক্তিসকলক অতিৰিক্ত ক’ভিড টিকা দিয়াৰ পৰামৰ্শ হু’ৰ

jpg

কৰ’না ভাইৰাছ পৰিহাৰ কৰিবলৈ বিশ্বৰ অধিকাংশ দেশতে টিকাকৰণ সম্পূৰ্ণ ৰূপে চলি আছে। বিভিন্ন দেশৰ বিভিন্ন বয়সৰ লোকক দিয়া হৈছে ক’ভিড ভেকছিন । আমেৰিকাৰ দৰে দেশতো বুষ্টাৰ টিকাকৰণ আৰম্ভ হৈছে।

কিন্তু সকলোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একে নহয়। সেয়েহে, একেটা ভেকছিনে সকলোৰে শৰীৰত সমান ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হোৱাটো কেতিয়াও সম্ভৱ নহয়।

সেয়েহে যি সকল লোকৰ প্ৰতিৰোধ ক্ষমতা কম,তেওঁলোকক অতিৰিক্ত ক’ভিড টিকা দিয়াৰ পৰামৰ্শ দিয়ে বিশ্ব স্বাস্থ্য সংস্থাই(হু) ।

হু’ৱে সোমবাৰে এটা বিবৃতিত প্ৰস্তাৱ দিছিল যে কম ৰোগ প্ৰতিৰোধ ক্ষমতা থকা সকলক ক’ভিডত এটাতকৈ অধিক টিকাকৰণ কৰিব লাগে। ফাইজাৰ-এনবায়োটেক, মডাৰ্ণা, চিনোফাৰ্ম, চিনোভাক আৰু এষ্ট্ৰাজেঙ্কাৰ দৰে কে’বাটাও ভেকছিনৰ মঞ্জুৰী দিছে হুয়ে।

এই টিকা প্ৰাপ্তকৰ্তাসকলৰ বাবে যাৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা কম,তেওঁলোকক হে কেৱল মাত্ৰ অতিৰিক্ত টিকা দিয়াৰ পৰামৰ্শ দিয়ে হু’য়ে ।

এই বিষয়টোক লৈ আলোচনা কৰিবলৈ বিশেষজ্ঞৰ এখন সমিতি গঠন কৰা হৈছিল। ষ্ট্ৰেটেজিক এডভাইছৰি গ্ৰুপ অৱ এক্সপাৰ্ট ,অন ইনফর্মেচন (ছেজ)নামৰ এই কমিটিয়ে যোৱা সপ্তাহত চাৰি দিনৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিছিল।

তাত বিভিন্ন ক’ভিড টিকা বিষয়আলোচনা কৰা হৈছিল। ভাৰত বায়োটেকৰ দ্বাৰা প্ৰস্তুত কৰা ভেকছিন সহভেকছিনৰ ক্লিয়াৰেন্সৰ বিষয়টোও আলোচনা কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সমিতিয়ে ৬০ ৰ দশকত চীনা তৈয়াৰ কৰা ভেকছিন চাইনোফাৰ্ম আৰু চাইনোভাক-গ্ৰহণ কাৰী ব্যক্তিসকলৰ বাবে তৃতীয় ভেকছিন ৰখাৰ বাবেও আহ্বান জনায়।

Exit mobile version