পক্ষীজ্বৰত অর্ধেকাংশ আক্রান্তৰ হৈছে প্রাণহানি :মৃত কুকুৰা বা আন পক্ষীৰ সংস্পৰ্শৰ পৰা নিজক আঁতৰাই ৰাখক

এইচ৫এনৰ সংক্রমণ : নতুন মহামাৰীক লৈ সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ

orphan 1620707083471 1621067674851

চীনৰ উহানৰ পৰা বিয়পি পৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ স’তে সমগ্র বিশ্বই বর্তমানেও যুঁজ অব্যাহত ৰাখিছে। কৰ’নাৰ এনে তাণ্ডৱ চলি থকাৰ সময়তে এইবাৰ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই আন এটি মহামাৰীৰ সন্দৰ্ভত বিশ্ববাসীক সতর্ক কৰিলে। বিশেষকৈ কুকুৰাৰ মাজত সততে দেখা দিয়া ‘বার্ড ফ্লু’ অর্থাৎ পক্ষীজ্বৰক লৈ শংকা প্রকাশ কৰিলে আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৱে।

‘হু’ৰ তথ্য অনুসৰি চীনত ঘাতক বার্ড ফ্লুৰ নতুন প্রজাতি এইচ৫এনৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এইবিধ পক্ষীজ্বৰত আক্ৰান্তৰ ৫০ শতাংশৰ ইতিমধ্যে মৃত্যু হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই চীনক বিশেষভাৱে সতর্ক কৰি কৈছে যে বার্ড ফ্লুৰ এই নতুন প্রজাতিৰ ব্যাপক সংক্রমণ এক চিন্তাৰ বিষয় আৰু এইচ৫এন৬ প্রজাতিৰ সংক্রমণ প্রতিৰােধ কৰাটো জৰুৰী হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এজন মুখপাত্রই এই সন্দৰ্ভত মন্তব্য কৰি কয়, ‘চীনত পক্ষীজ্বৰৰ দ্বাৰা প্রভাৱিত অঞ্চলসমূহ বিশেষভাৱে নিৰীক্ষণত ৰখাটো জৰুৰী হৈছে। এইচ৫এন৬ প্রজাতিৰ সংক্ৰমণৰ ফলত দেখা দিয়া পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ হলে যথেষ্ট সতর্কতা অৱলম্বন কৰিব লাগিব।

অন্যথা পক্ষীজ্বৰে এই বিশ্বত নতুন এক মহামাৰীৰ আগমন ঘটাব পাৰে পক্ষীজ্বৰৰ সংক্রমণ বৃদ্ধিক আওকাণ কৰাটো ভয়াৱহ হ’ব পাৰে। এইচ৫এন৬ৰ সংক্রমণ উদ্বেগজনক হােৱাৰ অন্যতম কাৰণটো হৈছে এই প্রজাতিৰ পক্ষীজ্বৰত আক্ৰান্তৰ মৃত্যুৰ হাৰ ৫০ শতাংশলৈকে বৃদ্ধি হৈছে।

এতিয়ালৈকে বিশ্বত যিমান সংখ্যক লােক এইচ৫এন৬ত আক্রান্ত হৈছে তেওঁলােকৰ ৫০ শতাংশ প্রাণহানি ঘটিছে। সেয়েহে এই ভাইৰাছৰ সংক্রমণ যাতে মাৰাত্মক নহয় তাৰ প্রতি সকলােৱে সতর্কতা অৱলম্বন কৰা জৰুৰী হৈছে।’ বিশ্ব স্বাস্থ্য সংস্থাই লগতে কয় যে পক্ষীৰ পৰা মানৱ দেহলৈ এইচ৫এন৬ৰ সংক্রমণ ঘটে যদিও মানৱ দেহৰ পৰা মানৱলৈ এই ভাইৰাছৰ সংক্রমণ ঘটাৰ স্পষ্ট প্রমাণ এতিয়ালৈকে লাভ কৰা হােৱা নাই।

তদুপৰি বৰ্তমানলৈকে লাভ কৰা তথ্য অনুসৰি এইচ৫এন৬ত আক্রান্ত হােৱা লােকসকলৰ সৰহ সংখ্যকে পূর্বৰে পৰা আন ৰােগত আক্ৰান্ত হৈ আছিল। অৱশ্যে চীনত এজন ৬১ বছৰীয়া মহিলাও পক্ষীজ্বৰত আক্রান্ত হৈছিল যদিও তেওঁ পূর্বে আন কোনাে ৰােগত ভােগা নাছিল।

পক্ষীজ্বৰৰ সাধাৰণ লক্ষণৰ ভিতৰত চর্দি, নিউমনিয়াৰ উপসর্গই দেখা দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাই লগতে প্ৰকাশ কৰা অনুসৰি পক্ষীজ্বৰৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে মৃত কুকুৰা বা আন পক্ষীৰ সংস্পৰ্শৰ পৰা নিজক আঁতৰাই ৰখাটো জৰুৰী। তদুপৰি ৰােগাক্রান্ত পক্ষীৰ কাষলৈ যােৱাৰ পৰাও আঁতৰি থকা উচিত বুলি বিশ্ব স্বাস্থ্য সংস্থাই পৰামর্শ দিছে।

Exit mobile version