Covaxin:দুই ৰ পৰা ১৮বছৰ বয়সৰ শিশুয়ে পাব ভেকচিন

1634027217 vaccine

জৰুৰীকালীন ভিত্তিত শিশুকে ধৰি ১৮ বছৰ বয়সৰ শিশুসকলৰ বাবে ব্যৱহাৰ কৰা হব ক’ভেক্সিনৰ টিকা। মঙলবাৰে এই টিকাৰ ওপৰত সেউজ সংকেত দিয়ে কেন্দ্ৰীয় চৰকাৰে ।

কেন্দ্ৰৰ অধীনস্থ সংস্থা ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ (ডিচিজিআই) এক বিশেষজ্ঞ সমিতিয়ে কয় যে দুইৰ পৰা ১৮ বছৰ বয়সৰ লোকক ক’ভেক্সি টিকা প্ৰদান কৰিব পাৰি।

ছেপ্টেম্বৰত ক’ভেক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষা পৰ্ব শেষ হৈছে বুলি জানিবলৈ দিয়ে এই টিকা প্ৰস্তুতকাৰী সংস্থা হায়দৰাবাদৰ ভাৰত বায়োটেকে ।

তেওঁলোকে চলিত মাহৰ আৰম্ভণিতে ডিচিজিআইৰ ওচৰত ফলাফল দাখিল কৰিছিল। যাৱতীয় ফলাফল পৰ্যালোচনা কৰাৰ পাছত মঙলবাৰে তাত ক্লিয়াৰেন্স দিলে ডিচিজিআইয়ে।

কেন্দ্ৰৰ ক্লিয়াৰেন্স পালেও জৰুৰী ভিত্তিত ব্যৱহাৰৰ বাবে ক’ভেক্সিনক এতিয়াও অনুমোদন দিয়া নাই বিশ্ব স্বাস্থ্য সংস্থাই । যদিও,ভাৰত বায়োটেক কৰ্তৃপক্ষই দাবী কৰে যে ক’ভেক্সিন পৰীক্ষা পৰ্যায়ৰ সকলো তথ্য আৰু ফলাফল ন জুলাইত এইচইউলৈ প্ৰেৰণ কৰা হৈছে।

সূত্ৰসমূহে কয় যে ভেকছিনটো শিশুসকলৰ বাবে উপযুক্ত নে নহয় পৰ্যালোচনা কৰিবলৈ হু’ৱে কমেও ছয় সপ্তাহ সময় লাগে। সেয়ে জুলাইৰ শেষৰ ফালে সেই পৰ্যালোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে হু’ৱে ।

Exit mobile version