আফগানিস্তান যেন ‘জংঘীস্তান’ নহয়, জি২০-ত সন্ত্রাসৰ বিৰুদ্ধে একতাৰ বার্তা প্ৰধানমন্ত্ৰী মোদীৰ

IMG 20211013 192450

আফগানিস্তান যেন ‘জংঘীস্তান’ হৈ নুঠে । মংলবাৰে জি২০ শীর্ষ সন্মিলনত আন্তর্জাতিক মহলক এই আবেদন জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । ইয়াৰ উপৰি, সন্ত্রাসৰ বিৰুদ্ধে অধিক ঐক্যবদ্ধ হোৱাৰ আহ্বানো জনাইছে তেওঁ ।

 

মংলবাৰে জি২০-ৰ ভার্চুৱেল বৈঠক অনুষ্ঠিত হয় । সেই বৈঠকত আফগানিস্তানৰ বর্তমান পৰিস্থিতিৰ প্রসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আফগানিস্তানৰ ভূমি যেন সন্ত্ৰাসবাদীসকলৰ স্বর্গৰাজ্যত পৰিণত নহয় । এই দেশৰ উন্নয়নত সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব ।” আফগানিসকলৰ বর্তমান পৰিস্থিতিক লৈও শংকা প্রকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

 

আফগানিস্তানৰ স’তে ভাৰতৰ বন্ধুত্ব দীর্ঘ দিনৰ । ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইৰ পৰা আৰম্ভ কৰি আশ্ৰফ ঘানিৰ সময়কালত দুই দেশৰ মাজত সম্পর্ক অধিক শক্তিশালী হয় । অর্থনীতি হ‌ওক বা বাণিজ্যনীতি, কূটনীতি— সকলো বিষয়তেই দুই দেশে পৰস্পৰৰ দিশত সহযোগিতাৰ হাত বঢ়াই আহিছে প্ৰতিবাৰে । আফগানিস্তানৰ উন্নয়নত যথেষ্ট কাম কৰিছে ভাৰতে । কিন্তু তালিবান ক্ষমতাত অহাৰ পাছৰ পৰাই নতুন দিল্লীৰ স’তে কাবুলৰ সম্পর্কত দূৰত্ব বাঢ়িবলৈ লৈছে । কিন্তু তালিবানৰ শাসনকালত আফগানিসকলৰ পৰিস্থিতিক লৈ যে ভাৰত খুবেই উদ্বিগ্ন সেয়া মংলবাৰে পুনৰ প্ৰকাশ পালে প্ৰধানমন্ত্ৰী মোদীৰ কথাত ।

 

তালিবান ক্ষমতাত অহাৰ পাছতে নতুন দিল্লীয়ে শংকা প্রকাশ কৰিছিল যে, সন্ত্ৰাসবাদীসকলে আফগানিস্তানৰ ভূমি ব্যৱহাৰ কৰি ভাৰতসহ অন্য দেশত আক্ৰমণ কৰাৰ চেষ্টা কৰিব পাৰে । যিয়ে সমগ্ৰ বিশ্বতে নিৰাপত্তা সংকটৰ সৃষ্টি কৰিব পাৰে । যদিও তালিবানে বাৰে বাৰে আশ্বাস দি আহিছে তেওঁলোকে সন্ত্ৰাসবাদীসকলক সেই দেশৰ মাটি ব্যৱহাৰ কৰিব নিদিয়ে ।

 

মঙলবাৰে জি২০ শীর্ষ সন্মিলনত এই বিষয়েই দাঙি ধৰি আন্তর্জাতিক মহলক বার্তা দিব বিচাৰিছে যে, আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা উচিত যাতে তেওঁলোকে সন্ত্রাসবাদক প্রশ্রয় দিব নোৱাৰে । লগতে, আফগানসকলক যথা সম্ভৱ শীঘ্ৰে সাহায্য দিবলৈ, তেওঁলোকৰ উন্নয়নত যাতে কোনো ধৰণৰ বাধা নাহে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ আন্তর্জাতিক মহলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

Exit mobile version