আধাৰ কাৰ্ড সংশোধনৰ বাবে লাগিব কি কি নথি ? জানি থওক

images

আধাৰ কাৰ্ড সংশোধনৰ বিষয়ে বহুতৰে বহুতো সমস্যা। সংশোধন কৰাৰ বাবে কেন্দ্ৰৰ সন্ধানত নিৰাশ হৈছে বিভিন্নজনে।

কিন্তু এই কাম এতিয়া আপুনি নিজে কৰিব পাৰিব আধাৰ স্ব-সেৱা আপডেট পৰ্টেলৰ জৰিয়তে । ইয়াৰ জৰিয়তে সংশোধন কৰিব পাৰিব নাম, জন্মতাৰিখ, লিংগ, ভাষা আৰু ঠিকনা ।

ইয়াৰ বাবে আপুনি পৰিশোধ কৰিব লাগিব এটা মাচুল । এই কথা জনালে Unique Identification Authority of India বা UIDAI ।

 

কিমান টকা লাগিব

আধাৰ কাৰ্ডত নাম, জন্ম তাৰিখ, লিংগ, ঠিকনা আৰু ভাষা সলনি কৰিবলৈ, আপুনি আধাৰ স্ব-সেৱা আপডেট পৰ্টেললৈ অনলাইন লগ ইন কৰিব লাগিব। ইউআইডিএআইয়ে জনাইছিল যে প্ৰতিটো ক্ষেত্ৰত সংশোধনৰ বাবে ৫০ টকা পৰিশোধ কৰিব লাগিব। কিন্তু একে সময়তে একাধিক সংশোধনৰ বাবেও ৫০ টকায়ে ব্যয় হ’ব।

 

আধাৰ কাৰ্ড সংশোধন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ’ব

 

নাম সংশোধনৰ বাবে লাগিব পৰিচয় প্ৰমাণৰ স্কেন কপি ।

 

জন্মতাৰিখ শুদ্ধ কৰিবলৈ প্ৰয়োজনীয় জন্ম প্ৰমাণপত্ৰৰ স্কেন কপি।

 

লিংগ সংশোধনৰ বাবে ম’বাইললৈ প্ৰেৰণ কৰা অটিপি প্ৰয়োজন।

 

ঠিকনা সলনি কৰিবলৈ প্ৰয়োজনীয় ঠিকনা প্ৰুফ স্কেন কপি।

 

ভাষা সলনি কৰিবলৈ কোনো নথিপত্ৰৰ প্ৰয়োজন নহ’ব।

 

“https://ssup.uidai.gov.in/ssup/” লিংকত ক্লিক কৰি আপডেট কৰিব পাৰিব।

 

আধাৰ সংশোধনৰ আগতে আধাৰত প্ৰদান কৰা মোবাইল নম্বৰৰ প্ৰয়োজন। কাৰণ সংশোধন কৰিব লগা হ’লে অটিপি সেই নম্বৰলৈ আহিব।

Exit mobile version