ঘৰুৱা বিমানৰ পৰা উঠিল যাত্ৰী পৰিবহণত নিষেধাজ্ঞা, অহা সপ্তাহৰ পৰা জাৰি নতুন নিয়ম

Screenshot 20211014 120624

কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ঘৰুৱা বিমানৰ ওপৰত কে’বাটাও নিষেধাজ্ঞা আৰোপ কৰিছিল। এইবাৰ সংক্ৰমণ হ্ৰাস হোৱাৰ বাবে ইয়াক উঠাই লোৱা হৈছে। অহা ১৮অক্টোবৰৰ লৈকে পুৰনি ৰুটিঙতে অব্যাহত থাকিব ।

১০০ শতাংশ যাত্ৰীৰে চলিব পাৰিব বিমান। কিন্তু মানি চলিব লাগিব ক’ভিড প্ৰট’কল । অলপতে এই কথা জনালে কেন্দ্ৰই।

উৎসৱৰ বতৰত যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। ক্ৰেডিট ৰেটিং কোম্পানী আই.চি.এ.আৰ.-ৰ পৰিসংখ্যা অনুসৰি, যাত্ৰীৰ সংখ্যা দুই-তিনি শতাংশ বৃদ্ধি পাইছে। আগষ্টত এয়াৰলাইনছে ৬৫ লাখ যাত্ৰী পৰিবহন কৰিছিল, ছেপ্টেম্বৰত ই ৬৭ লাখলৈ বৃদ্ধি হৈছে।

কেন্দ্ৰই জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে, “ঘৰুৱা বিমানত যাত্ৰীৰ সংখ্যা বৃদ্ধিহোৱাৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে যাত্ৰী পৰিবহনৰ নিয়ম উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। নিৰ্দেশনাসমূহ ১৮ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ‘

Exit mobile version