আৰিয়নৰ স’তে নিজস্বী তুলি ভাইৰেল হোৱা ব্যক্তিৰ বিৰুদ্ধে ‘লুক আউট’ ন’টিচ জাৰি

Untitled design 91 696x392 1

শাহৰুখ খানৰ পুত্ৰ আৰিয়ন খানৰ গ্রেপ্তাৰিৰ পাছত কিং-খান পুত্রৰ স’তে নিজস্বী তুলিছিল এই ব্যক্তিজনে । ফটোখনত আৰিয়নক ‘প’জ’ দিয়াও দেখা যায় । এই ছবি প্রকাশ্যত অহাৰ মূহুর্ততে ভাইৰেল হৈ পৰিছিল । প্রাথমিকভাৱে ধাৰণা কৰা হৈছিল এই ব্যক্তিজন এনচিবি বিষয়া । কিন্তু ছবি ভাইৰেল হোৱাৰ পাছতে প্রশ্নৰ মুখত পৰে নাৰকোটিক্স কন্ট্র’ল ব্যুৰ’ । পৰৱৰ্তী সময়ত তেওঁলোকে জনায় যে ব্যক্তিজনৰ স’তে কেন্দ্রীয় সংস্থাৰ কোনো সম্পর্ক নাই ।

 

উক্ত ব্যক্তিজনৰ বিৰুদ্ধে বৃহস্পতিবাৰে লুক আউট ন’টিচ জাৰি কৰিলে মহাৰাষ্ট্রৰ পুনে আৰক্ষীয়ে । আৰক্ষীয়ে জনাইছে, ব্যক্তিজনৰ নাম কিৰণ পি গোচাভি । মুম্বাইৰ পৰা গোৱাগামী যি প্রমোদতৰীৰ মাদক পার্টীৰ পৰা আৰিয়নক আটক কৰা হয় তাতেই এই ব্যক্তিজনো আছিল বুলি অভিযোগ । যদিও আৰক্ষীয়ে জনাইছে যে সম্প্ৰতি কিৰণ পলাতক । যাতে দেশ ত্যাগ কৰি পলায়ন কৰিব নোৱাৰে সেয়ে ‘লুক আউট’ ন’টিচ জাৰি কৰা হৈছে ।

 

২০১৮ৰ এটা প্রতাৰণা গোচৰৰ সূত্র অনুসৰণ কৰি এই লুক আউট ন’টিচ জাৰি কৰা হৈছে, । পুনেৰ পুলিচ কমিচনাৰ অমিতাভ গুপ্তে জনাইছে, মালয়েছিয়াত চাকৰি দিয়াৰ অজুহাতত পুনেৰ বাসিন্দাক প্ৰতাৰণাৰ অভিযোগত গোচাভিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰ উপৰি কিৰণে নিজকে ‘চোৰাংচোৱা’ বুলিও পৰিচয় দিয়ে, আৰক্ষী সূত্রে খবৰ ।

 

কি অভিযোগ আছিল ? মালয়েছিয়াত চাকৰিৰ এটা বিজ্ঞাপন দিছিল কিৰণে । সেই বিজ্ঞাপন দেখি কিৰণৰ স’তে পুনেৰেই এজন ব্যক্তিয়ে যোগাযোগ কৰে । কিৰণে তেওঁৰ পৰা তিনি লাখ টকা লয়, কিন্তু চাকৰি নিদিয়ে । টকাখিনিও ঘূৰাই নিদিয়ে ।

 

পাঁচ দিনৰ কোৱাৰেন্টাইন পর্ব শেষ হোৱাৰ পাছত বৃহস্পতিবাৰে আৰিয়নক আর্থাৰ ৰ’ড জেলৰ মূল বেৰেকত লৈ যোৱা হৈছে বুলি জনায় সংবাদসংস্থা এএনআই-য়ে । গ্রেপ্তাৰ সকলৰ প্রত্যেকৰে ক’ভিড টেষ্ট ৰিপ’ৰ্ট নেগেটিভ আহিছে বুলি জনাইছে আর্থাৰ ৰ’ড জেলৰ ছুপাৰিন্টেনডেন্ট নীতিন ৱেচালে । যোৱা শুকুৰবাৰে আৰিয়নক আর্থাৰ ৰ’ড জেলত লৈ যোৱা হয় ।

Exit mobile version