সাংবাদিক বৈঠক আয়োজন কৰিছিল কেন্দ্রীয় মন্ত্রী মুখতাৰ আব্বাছ নকভিয়ে । উত্তৰ দিছিল সাংবাদিকসকলৰ প্রশ্নৰ । ঠিক সেই সময়তেই ঘটিল অঘটন ! ভাঙি পৰিল ঘৰৰ মুধচ ।
ঘটনাটো সংঘটিত হৈছে উত্তৰপ্রদেশৰ ৰামপুৰত । তাত তেওঁ এটা অনুষ্ঠানত গৈছিল । ইয়াৰ পাছতেই সাংবাদিক বৈঠকত বহিছিল কেন্দ্রৰ সংখ্যালঘু বিষয়ক মন্ত্রণালয়ৰ মন্ত্রীগৰাকী । সেই সময়তেই হঠাৎ মুধচৰ কিছু অংশ ভাঙি পৰে নকভিৰ পাছফালে থিয় হৈ থকা কিছু লোকৰ গাত । এই ঘটনাত সচকিত হৈ উঠে কেন্দ্রীয় মন্ত্রীগৰাকী । অৱশ্যে কোনো আহত হোৱা নাই ।
এই ঘটনাৰ পাছত নকভিক কটাক্ষ কৰি নেচনেল যুৱ কংগ্রেছৰ সভাপতি শ্রীনিবাস বিভিয়ে টুইটাৰত লিখে, ‘‘কেন্দ্রীয় মন্ত্রী মুখতাৰ আব্বাছ নকভিৰ মূৰত উন্নয়নৰ আকাশ ভাঙি পৰিছে । সাংবাদিক বৈঠকত বহি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গুনগান গাইছিল তেওঁ । সেয়ে এই ঘটনা সংঘটিত হ’ল ।’’
केंद्रीय मंत्री मुख्तार अब्बास नकवी के सिर पर विकास के बादल जमकर बरसे ।
रामपुर की प्रेस कांफ्रेंस में प्रधानमंत्री मोदी के कसीदे पढ़ रहे थे जिस दौरान हुआ हादसा । pic.twitter.com/rxPW2BSckc
— Srinivas BV (@srinivasiyc) October 14, 2021
আজাদিৰ অমৃত মহোৎসৱ প্রকল্পৰ আওতাত ৰামপুৰত দেশৰ সাতশ শিল্পীক লৈ ‘হুনৰ হাত’ নামক এটা অনুষ্ঠান পালন কৰা হ’ব আগন্তুক ১৬ৰ পৰা ২৫ অক্টোবৰ পর্যন্ত । তাৰ প্রস্তুতি পৰ্যৱেক্ষণ কৰিবলৈ গৈছিল কেন্দ্রীয় মন্ত্রীগৰাকী ।