চত্তীশগঢ়ৰ ৰায়পুৰ ষ্টেচনত চিআৰপিএফ জোৱানৰ ট্ৰেইনত বিস্ফোৰণ, আহত ছয়

1634367057Screenshot 2021 10 16 121954

শনিবাৰে পুৱা বিস্ফোৰণত কঁপি উঠিল চত্তীশগঢ়ৰ ৰাজধানী ৰায়পুৰ । ঘটনাত ছজন চিআৰপিএফ জোৱান আহত হৈছে । তেওঁলোকৰ মাজৰে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

স্থানীয় সূত্রে খবৰ, আজি পুৱা ছয় বজাত ৰায়পুৰ ষ্টেচনত চিআৰপিএফ জোৱানৰ বিশেষ ট্রেইনৰ এটা ডবাৰ শৌচাগাৰৰ কাষত বিস্ফোৰণ ঘটে । ট্রেইনখন দুই নম্বৰ প্ল্যাটফর্মত সোমোৱাৰ পাছতেই এটা ডবাৰ পৰা বিস্ফোৰণৰ শব্দ শোনিবলৈ পোৱা যায়। সেই ডবাত চিআৰপিএফ-ৰ ২১১ নম্বৰ বেটেলিয়নৰ জোৱানসকল আছিল ।

প্রাথমিকভাৱে আৰক্ষীয়ে সন্দেহ কৰিছে, এই ঘটনাৰ স’তে সন্ত্রাসৰ কোনো সম্পৰ্ক নাই । কেন্দ্রীয় বাহিনীয়ে অনা ডিটোনেটৰ পৰাই অসাৱধানতাৰ বাবে বিস্ফোৰণ ঘটিছে ।

ঘটনাৰ পাছত ৰেল ৰক্ষী বাহিনী (আৰপিএফ) আৰু ৰেল আৰক্ষীৰ (জিআৰপি) বিষয়াসকল ষ্টেচনত উপস্থিত হয় । ৰায়পুৰ চহৰৰ পৰা ষ্টেচনত উপস্থিত হয় চিআৰপিএফ-ৰ এজন ডিআইজি । গুৰুতৰভাৱে আহত জোৱানক ৰায়পুৰৰ নাৰায়ণ হাস্পাতালত লৈ যোৱা হয় । আনহাতে, ৰেল হাস্পাতালত চিকিৎসাৰ বন্দোবস্ত কৰা হয় । কেইঘন্টামানৰ পাছত পুনৰ গন্তব্যস্থলক উদ্দেশ্যি ৰাওনা হয় ট্রেইনখন ।

Exit mobile version