বিজনী সত্ৰত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস

চিৰাঙৰ বিজনী সত্ৰত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস । বিজনী সত্ৰত গুৰুজনাৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ চাৰি দিনীয়া কাৰ্য্যসূচীৰে উদ্‌যাপন কৰিব সত্ৰ পৰিচালনা কমিটীয়ে । আজি দ্বিতীয় দিনৰ কাৰ্য্যসূচীত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দাস, শিল্পী তৰালি শৰ্মাকে আদি কৰি বহু লোক ।

অসম চৰকাৰৰ অসম দৰ্শন কাৰ্য্যসূচীৰ আধাৰত ১০ লাখ টকাৰে নিৰ্মিত বিজনী সত্ৰৰ ৰাঙীয়াল গৃহৰ উদ্ধোধন কৰে মন্ত্ৰীজনে । ইয়াৰ পাছতে তেওঁ কয়, “অসম চৰকাৰে অসম দৰ্শন আঁচনীৰ জৰিয়তে গুৰুজনাৰ আদৰ্শ ৰক্ষাৰ প্ৰয়াস কৰিছে । গতিকে আমি সকলোৱে যাতে গুৰুজনাৰ আদৰ্শ ৰক্ষা কৰি সমাজখনক আগুৱাই নিব পাৰো তাৰে কামনা কৰো ।”

মন্ত্ৰীজনে লগতে কয় যে বিটিচিত বিজেপি মিত্ৰজোঁটত গণ সুৰক্ষা দল (জিএছপি) আছে যদিও অসম বিধানসভাত মিত্ৰতা নাই । একেদৰে উপ নিৰ্ব্বাচনতো নাই । গতিকে কোনোবাই আহিব বিচাৰিলে বা সমৰ্থন দিব বিচাৰিলে স্বাগতম জনোৱাৰ কথা কয় মন্ত্ৰীজনে । জিএছপিৰ একমাত্ৰ পাৰিষদ তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য ঘনশ্যাম দাসে বিজেপিত যোৱা সন্দৰ্ভত কয় দলৰ মজিয়াত সেয়া আলোচনা কৰা হ’ব  ।

উক্ত, অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় ৰায়, বিটিআৰৰ পাৰিষদ প্ৰদিপ বায়ন, বিজনী মহকুমাধিপতি দিবাকৰ নাথ, জিলা আৰক্ষী অধিক্ষক প্ৰাঞ্জিত বৰাকে আদি কৰি বহু সংখ্যক লোক উপস্থিত থাকে ।

Exit mobile version