Aryan Khan : কাৰাগাৰত এতিয়া শ্বাহৰুখ পুত্ৰৰ এটাই পৰিচয় : কয়দী নম্বৰ ৯৫৬

375779 5434389 updates

কয়দী নম্বৰ ৭৮৬, যশ চোপ্ৰাৰ ‘বীৰ জাৰা’ ছবিত এইটোৱে আছিল মহাতাৰকা অভিনেতা শ্বাহৰুখ খানৰ পৰিচয় । এইবাৰ শ্বাহৰুখ পুত্ৰ আৰিয়ান খানৰ নতুন পৰিচয় হ’ল ‘কয়দী নম্বৰ ৯৫৬’ । শ্বাহৰুখে চলচ্চিত্ৰ পৰ্দাত ৭৮৬ নম্বৰৰ কয়দী হৈছিল । কিন্তু তেওঁৰ পুত্ৰ‌ই বাস্তৱতে কাৰাগাৰত বন্দী হৈ থাকি ৯৫৬ নম্বৰৰ কয়দী হিচাপে পৰিচিত হ’ল ।

যোৱা বৃহস্পতিবাৰে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত কোৱাৰেণ্টাইন পৰ্ব সমাপ্ত কৰিলে নিষিদ্ধ মাদক দ্ৰব্যৰ গোচৰত নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ (এন চি বি)-এ গ্ৰেপ্তাৰ কৰা আৰিয়ানে । ক’ভিড নিগেটিভ হোৱাৰ পাছত আন চাৰিজন অভিযুক্তৰ স’তে আৰিয়ানক কাৰাগাৰৰ মূল বেৰেকলৈ স্থানান্তৰিত কৰা হয় ।

মূল কাৰাগাৰলৈ স্থানান্তৰিত কৰাৰ পাছতে কয়দীক নিজ ইচ্ছা নম্বৰ দিয়া হয় আৰু শ্বাহৰুখ পুত্ৰ‌ই আৰ্থাৰ ৰোড কাৰাগাৰত লাভ কৰিলে ‘কয়দী নম্বৰ ৯৫৬’ ।

ইফালে, কাৰাগাৰখনৰ অধীক্ষক নীতিন ৱেচালে প্ৰকাশ কৰা অনুসৰি, শ্বাহৰুখ-গোৰীৰ পৰা আৰিয়ানে যোৱা ১১ অক্টোবৰত ৪,৫০০ টকাৰ মণিঅৰ্ডাৰ লাভ কৰিছিল । উল্লেখ্য যে কাৰাগাৰত থকাৰ সময়ত পৰিয়ালৰ ফালৰ পৰা সৰ্বাধিক এই পৰিমাণৰ ধন অভিযুক্ত বা অপৰাধীয়ে মাহে লাভ কৰিব পাৰে । কাৰাগাৰৰ ভিতৰত থকাৰ সময়ত হাত খৰচৰ বাবে এই ধন কয়দীয়ে পৰিয়ালৰ পৰা সংগ্ৰহ কৰিব পাৰে ।

Exit mobile version