Rain : ৰাজপথত জলমগ্ন বাছ, প্রৱল বৃষ্টিপাতত বিপর্যস্ত কেৰালা

বৰষুণৰ পানীত বুৰ গ’ল কেৰালাৰ ছয় জিলা । বতৰ বিজ্ঞান কেন্দ্ৰই এই ছয় জিলাত ৰঙা সতর্কতা জাৰি কৰিছে । অন্যান্য পাঁচ জিলাত কমলা সতর্কতা জাৰি কৰা হৈছে । ইতিমধ্যে জলমগ্ন অঞ্চলৰ একাধিক ছবি আৰু ভিডিঅ’ প্ৰকাশ পাইছে । দেখিবলৈ পোৱা গৈছে কেনেদৰে বাহন পানীত আৱদ্ধ হৈ পৰিছে, পথত ৰৈ আছে যাত্রীবাহী বাছ । জলমগ্ন অৱস্থাৰ পৰা ৰছিৰে টানি গাড়ী পাৰত তুলিছে জনসাধাৰণে । পৰিস্থিতি ক্রমে বেয়া হোৱাত ইতিমধ্যে সেই ঠাইত দুৰ্যোগ প্ৰশমন বিভাগৰ এটা বৃহৎ দল উপস্থিত হৈছে । তদুপৰি উদ্ধাৰ কাৰ্যৰ বাবে কাম আৰম্ভ কৰিছে সেনা আৰু বায়ুসেনা বাহিনীয়ে ।

মধ্য, দক্ষিণ কেৰালাৰ বিভিন্ন অংশ বৃষ্টিৰ দাপতত প্লাবিত হৈছে । ৰাজ্যৰ বহু নদীত পানী বিপদসীমাৰ ওপৰত বৈছে । আগন্তুক দিনত বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পাব পাৰে বুলি সতর্ক কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । দিল্লীৰ মৌচম ভৱনৰ তৰফৰ পৰা কোৱা হৈছে, ‘‘দক্ষিণ-পূৱ আৰৱ সাগৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত কেৰালাৰ কিছুসংখ্যক জিলাত ১৭ অক্টোবৰ, দেওবাৰ পর্যন্ত প্ৰৱল বৃষ্টিপাত হ’ব । ১৮ তাৰিখৰ পৰা প্ৰকোপ কমিলেও কিছুদিনলৈকে বৰষুণ থাকিব ।’’

ইতিমধ্যে কেৰলাৰ পত্থনমথিট্টা, কোট্টায়াম, এর্নাকুলাম, ইদুক্কি, ত্রিচুৰ, পলক্কড় জিলাত ৰঙা সতর্কতা জাৰি কৰা হৈছে । ইয়াৰ উপৰি, কমলা সতর্কতা জাৰি কৰা হৈছে তিৰুঅনন্তপুৰম, কোল্লাম, আলপ্পুঝা, পালাক্কড়, মলপ্পুৰম, কোঝিকোড় আৰু ৱানাড়ত । এই পর্যন্ত ৩০খন ঘৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে । প্ৰতিখন জিলাতে শিবিৰ তৈয়াৰ কৰা হৈছে । তেনে সময়তে জলাধাৰবোৰত পানীৰ পৰিমাণ অত্যধিক বাঢ়ি থকাত চিন্তা আৰু বাঢ়িছে । বৰষুণৰ প্ৰকোপৰ বাবে সতর্কতা জাৰি কৰা হৈছে লক্ষদ্বীপতো ।

Exit mobile version