Tea : পাকিস্তানত একাপ চাহৰ মূল্য ৪০ টকালৈ বৃদ্ধি

202003261751151698 Does drinking tea cure coronavirus SECVPF

পাকিস্তানত সম্প্ৰতি মূল্যবৃদ্ধিয়ে নাগৰিকসকলক জ্বলাকলা খুৱাইছে । সম্প্ৰতি দেশখনৰ ৰাৱলপিণ্ডিত একাপ চাহৰ মূল্য ৪০ টকালৈ বৃদ্ধি পাইছে ।

পাকিস্তানৰ পৰা প্ৰকাশিত সংবাদপত্ৰ ‘ড’ন’ৰ বাতৰি অনুসৰি, কিছুদিন আগলৈকে প্ৰতিকাপ চাহৰ মূল্য ৰাৱলপিণ্ডিত ৩০ টকা আছিল যদিও বৰ্তমানে এই মূল্য ৪০ টকালৈ বৃদ্ধি পাইছে । চাহপাতৰ মূল্য বৃদ্ধিৰ ফলতে প্ৰতি পিয়লা চাহৰ মূল্য‌ও দেশখনত ঊৰ্ধ্বমুখী হৈছে ।

ইফালে, দেশখনত প্ৰতি লিটাৰ গাখীৰৰ মূল্য ১০৫ টকাৰ পৰিৱৰ্তে ১২০ টকালৈ বৃদ্ধি পাইছে । ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য‌ও পাকিস্তানত যথেষ্ট বৃদ্ধি পাইছে । শেহতীয়াভাৱে পাকিস্তানত প্ৰতি কিলোগ্ৰাম চেনীৰ মূল্য ১১০ টকালৈ বৃদ্ধি পাইছে ।

Exit mobile version