Yoga : অফিচৰ চকীত বহিয়ে এই কেইটা যোগাসন কৰিলে মুক্তি পাব নানা বিষ-বেদনাৰ পৰা

81VnWKA8DGL. SL1500

চৰম ব্যস্ততাৰ বাবে বহুতেই সময় নাপায় প্রয়োজনীয় শৰীৰ চর্চা কৰাৰ । সামান্য মিনিটৰ যোগাসন কৰাৰ সুযোগো নাপায় অনেকে । সেই সমস্যাৰ সমাধান কৰিব পাৰে ‘অফিচ যোগাসন’এ । অফিচৰ ডেস্কত বহি কেইটামান আসন কৰিলে সহজে কমিব পাৰে, কঁকাল, ডিঙি, পিঠিৰ বিষ আৰু পেশিৰ যন্ত্রণা ।

সিদ্ধাসন : চকু মুদি পদ্মাসনত বহক । হাত আঠুৰ ওপৰত ৰাখক । তাৰ পাছত ধ্যান কৰা আৰম্ভ কৰক । ইয়াৰ ফলত পেশি শিথিল হ’ব, বিষ কমিব ।

চন্দ্রাসন : চকীত বহিয়ে প্রথম হাত জোৰ কৰি মূৰৰ ওপৰত তোলক । জোৰে শ্বাস ল‌’ব আৰু এৰি দিব । জোৰা হাত মূৰৰ ওপৰত তুলি শ্বাস লোৱা আৰু এৰা কাৰ্য কৰি থাকক । ধ্যান ৰাখিব যেতিয়া শ্বাস ল’ব, তেতিয়া শৰীৰটো যাতে ভিতৰত সোমাই নাযায়‌ আৰু যেতিয়া শ্বাস এৰিব তেতিয়া যাতে বাহিৰৰ দিশে ওলাই নাযায় । ঠিক সেইদৰেই এবাৰ মূৰ ওপৰত তুলি মুধচৰ ফালে চাওক, এবাৰ তলৰ ফালে চাওক ।

ত্রিকোনাসন : চকীত বহি ৰাজহাড় পোন কৰক । হাত চকীৰ পিছপিনে ৰাখক । ধ্যান ৰাখিব, হাত যাতে পোন হৈ থাকে । আগফালে চাপৰি চাপ দিয়ক । তাৰ পাছত হাত দুখন পুনৰ আগফালে আনি স্বাভাৱিকভাৱে বহক । ইয়াৰ ফলত শ্বাস প্রক্রিয়া সহজ হয় ।

Exit mobile version