অক্টোবতেই বজাৰলৈ আহিব পালছাৰ ২৫০!

bajaj pulsar 250 1567495882

বাইকপ্রেমীসকলৰ বাবে ভাল খবৰ। বাজাজ পালছাৰ ২৫০ এই মাহতে ভাৰতীয় বজাৰলৈ আহিব। সকলাে ঠিকে ঠাকে থাকিলে, বাজাজ পালছাৰ এনএছ২৫০ আৰু বাজাজ পালছাৰ ২৫০ এফ চলিত অক্টোবৰৰ শেষৰ ফালে বজাৰত মুক্তিলাভ কৰিব।

সুদীর্ঘ কাল ধৰি বাজাজ ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ প্রিয় ব্ৰেণ্ড হিচাপে পৰিচিত। এই সংস্থাটোৰ বাইকসমূহে আৰােহীসকলক অতি সুৰক্ষিত সেৱা প্ৰদান কৰি আহিছে। বাজাজৰ বিভিন্ন মডেলসমূহৰ ভিতৰত সর্বাধিক জনপ্রিয় মডেলখনেই হৈছে পালছাৰ।

আকর্ষণীয় স্টাইল, উন্নত ইঞ্জিন, দুর্দান্ত মাইলেজৰ স’তে এই বাইকৰ নতুন দুই ভেৰিয়েন্ট অচিৰেই বজাৰত উপলব্ধ হ’ব। দুয়ােখন নতুন বাইকৰ বাবে অইল কুলড্ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। এই ২৫০ চিচি অইল কুলড্ ইঞ্জিনটো হ’ব পালছাৰৰ নতুন ভেৰিয়েন্টৰ অন্যতম বৃহৎ ইউএছপি।

উল্লেখ্য যে নতুন মডেল দুখনত পালছাৰৰ নতুন প্লেটফর্ম ব্যৱহাৰ কৰা হৈছে। পালছাৰ এন এছ ২৫০ত আছে এলইডি প্রজেক্টৰ, হেডলেম্প আৰু দিনৰ ভাগত চলিব পৰাকৈ এলইডি চলমান লাইট। লগতে আছে ইন্ধনৰ বাবে সঠিক টেংক আৰু নতুনকৈ তৈয়াৰ কৰা এলয় হুইলছ।

আনহাতে, পালছাৰ ২৫০এফ হৈছে পালছাৰ ২২০ এফৰ এক সম্পূর্ণ পৰৱৰ্তিত সংস্কৰণ। যথেষ্ট দীঘল উইণ্ডস্ক্রীণ আৰু ওপৰৰ হেণ্ডেলবাৰ ছেট-আপেৰে সমৃদ্ধ এই বাইক। সর্বোপৰি, এই দুয়ােখন পালছাৰ বাইকে যথেষ্ট জাকজমকতাৰে ভাৰতীয় বজাৰত প্ৰৱেশ কৰাৰ প্রস্তুতি চলাইছে।

Exit mobile version