Corona Vaccine : টিকা তৈয়াৰীত উৎসাহ যোগাব ডিএফচি-য়ে

1632150670 vaccine

আগন্তুক সপ্তাহতেই কৰ’না প্রতিষেধকৰ ১০০ কোটি ড’জৰ মাইলখুটি স্পর্শ কৰিব ভাৰতে । ইয়াৰ সপ্তাহটোৰ মাজভাগতেই কৰ’নাৰ প্রতিষেধক তৈয়াৰত উৎসাহ যোগাবলৈ ভাৰত ভ্ৰমণত আহিব আমেৰিকাৰ ইন্টাৰনেচনেল ডেভেলপমেন্ট ফাইনেন্স কৰ্প’ৰেচনৰ (ডিএফচি) প্রধান ডেভিড মাৰচিকৰ নেতৃত্বাধীন এটা দল । ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াক লৈ গঠন কৰা চতুর্দেশীয় অক্ষ কোৱাডৰ তৰফৰ পৰাই এই ভ্ৰমণৰ আয়োজন কৰা হৈছে ।

১৮ অক্টোবৰত দক্ষিণ আফ্রিকা ভ্ৰমণ সমাপ্ত হোৱাৰ পাছত আগান্তুক ২৪ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত ভাৰতত আহিব মাৰচিকৰ নেতৃত্বাধীন দলটো । মূলতঃ উন্নয়নশীল দেশবোৰত কৰ’না প্রতিষেধক তৈয়াৰৰ ক্ষেত্রত উৎসাহ বৃদ্ধি কৰিবলৈ মাৰচিকৰ এই ভ্ৰমণ । মাৰচিকৰ ভ্ৰমণৰ সংগী হ’ব জিম পোলানসহ ডিএফচি-ৰ অন্যান্য কে’বাগৰাকী শীর্ষ বিষয়া । ভাৰতীয় প্রতিষেধক সংস্থা বায়’লজিকেল ই-ৰ হায়দৰাবাদৰ কাৰ্যালয় পৰ্যৱেক্ষণ কৰিব প্রতিনিধিদলটোৱে । লগতে প্রতিষেধক তৈয়াৰৰ ক্ষেত্রত এখন চুক্তিপত্রতো স্বাক্ষৰ কৰিব তেওঁলোকে ।

মূলতঃ নিম্ন আৰু মধ্য আয়ৰ দেশবোৰৰ বিভিন্ন উন্নয়ন প্রকল্পত বিনিয়োগকাৰী ডিএফচি-ৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হৈছে, কোৱাডভুক্ত চাৰি দেশৰ শীর্ষ নেতাসকলৰ সহযোগিতাত এই প্রকল্প গ্রহণ কৰা হৈছে ।

যোৱা ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত প্রথমবাৰ মুখোমুখি হৈছিল চাৰি দেশৰ শীর্ষ নেতাসকল । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, অষ্ট্ৰেলিয়াৰ স্কট মৰিছন আৰু জাপানৰ ইয়োশিহিদে ছুগা । সেই বৈঠকত চাৰি শীর্ষ নেতাৰ তৰফৰ পৰা আনুষ্ঠানিক বিবৃতিত জনোৱা হয়, কোভেক্স প্রকল্পত প্রতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্রত বিনিয়োগ কৰা হ’ব । বিশ্বব্যাপী ১২০ কোটি প্রতিষেধকৰ ড’জ বিতৰণ কৰিবলৈও অংগীকাৰ কৰে কোৱাডৰ শীর্ষ নেতাসকলে । ইতিমধ্যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশবোৰত সাত কোটি ৯০ লাখ প্রতিষেধক দিয়া হৈছে ।

প্রতিষেধক তৈয়াৰৰ ক্ষেত্রত ভাৰতে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে যদিও বিৰোধীসকলে বাৰে বাৰে মোদী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে, টিকাকৰণৰ গতি কাংক্ষিত পর্যায়ত উপনীত নোহোৱা বুলি ।

কেন্দ্রীয় চৰকাৰৰ এটা সূত্রৰ দাবী, অক্টোবৰত কৰ’না প্রতিষেধকৰ মুঠ ২৮ কোটি ড’জৰ বন্দোৱস্ত কৰা হৈছে । ইয়াৰে ২২ কোটি ড’জ ক’ভিশিল্ড, ছয় কোটি ড’জ কোভেক্সিন আৰু ৬০ লাখ ড’জ জাইক’ভ ডি-ৰ (জাইডাছ কেডিলা) । সূত্রটোৰ দাবী, আগন্তুক বৰ্ষৰ পৰা প্রতি মাহে প্রতিষেধকৰ ৩০ কোটিৰো অধিক ড’জৰ যোগান ধৰা হ’ব । ইয়াৰে ক’ভিশিল্ড, কোভেক্সিন, জাইক’ভ ডি-ৰ লগতে বায়োলজিকেল ই-ৰ প্রতিষেধকো থাকিব ।

অহা নৱেম্বৰৰ ভিতৰতেই বায়’লজিকেল ই-ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক প্রয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰা হ’ব । ডিচিজিআই-ৰ অনুমোদন পালে বায়’লজিকেল ই হ’ব তৃতীয় ভাৰতীয় কৰ’না প্রতিষেধক । সেয়ে আগন্তুক বৰ্ষত এই সংস্থাৰ প্রতিষেধককো হিচাপত ৰখা হৈছে । প্রতিষেধক প্ৰস্তুতকৰণৰ দৌৰত আন এটা ভাৰতীয় সংস্থা জেনোভাও আছে । আগন্তুক ফেব্রুৱাৰীৰ ভিতৰতেই জেনোভাৰ প্রতিষেধকো বজাৰত উপলব্ধ হ’ব বুলি ধাৰণা কৰা হৈছে ।

কৰ’না প্রতিষেধকৰ ১০০ কোটি ড’জৰ মাইলখুটিৰ প্ৰতি লক্ষ্য ৰাখি আজি মুক্তি পালে গায়ক কৈলাশ খেৰেৰ ক’ভিডক লৈ বিশেষ গান । আজি সন্ধিয়া পর্যন্ত দেশত মুঠ ৯৭ কোটি ৬২ লাখ ড’জ প্রতিষেধক দিয়া হৈছে । ইতিমধ্যে অন্তত ৩০ শতাংশ দেশবাসীয়ে প্রতিষেধকৰ দুটা ড’জ লাভ কৰিছে ।

Exit mobile version