Viral : আলমাৰীত ভৰ্তি ৫০০ টকীয়া বান্দিল ! ক’ত উদ্ধাৰ ইমান টকা ?

squareart

শেহতীয়াকৈ সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে এখন ছবি । ছবিখনত থকা এটা আলমাৰীত ভৰি আছে ৫০০ টকাৰ নোটৰে ।

ADVERTISEMENT

এই বৃহৎ পৰিমাণৰ ধন কাৰ,ক’ত উদ্ধাৰ হ’ল তাক লৈ এতিয়া যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে যে আয়কৰ বিভাগে হায়দৰাবাদৰ এটা ঔষধ কোম্পানীত অভিযান চলাইছিল। সেই সময়ত, আলমাৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা হৈছিল।

টকাৰ পৰিমাণো বৃহৎ। দাবী কৰা হৈছে যে আলমাৰীত সঞ্চিত মুঠ ধনৰ পৰিমাণ হৈছে ১৪২ কোটি টকা।

এই সংস্থাটোৰ বিৰুদ্ধে অভিযোগ, ৫০০ কোটি টকা হিচাপ দিয়া নাছিল তেওঁলোকে । গতিকে আয়কৰ বিভাগে কোম্পানীটোৰ কাৰ্যালয়ত তালাচী চলাইছিল।

তেতিয়াই এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা হৈছিল। যদিও বিভিন্ন প্ৰতিবেদনে হায়দৰাবাদৰ ঔষধ সংস্থাৰ ঘটনা বুলি দাবী কৰা হ’লেও ,এইটো প্ৰকৃততে হায়দৰাবাদৰ হয় নে নহয় সেয়া স্পষ্ট নহয়।

Exit mobile version