উচ্চতম ন্যায়ালয়ৰ নির্দেশ অবিহনে প্রকাশ্যে হত্যা নকৰে তালিবানে

000 9HK7HY

যােৱা ১৫ আগষ্টত কাবুল দখলৰ পাছত তালিবানে আফগানিস্তানত শ্বৰীয়তৰ শাসন। প্ৰৱর্তনৰ কথা ঘােষণা কৰাৰ লগতে পূর্বৰ ভুলৰ পুনৰাবৃত্তি নকৰিব বুলি প্রতিশ্রুতি দিছিল।

কিন্তু ইয়াৰ পাছত তালিবানে বহু লােকক নির্বিচাৰে হত্যা-আক্রমণ কৰিছিল। কাৰােবাক অপৰাধত অভিযুক্ত কৰিলেই তালিবানে প্রকাশ্যে মৃত্যুদণ্ড বিহিছিল। কিন্তু এতিয়াৰ পৰা তালিবানে প্রকাশ্যে কোনাে ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি। নিদিয়ে।

তালিবানৰ মুখপাত্র জাবিউল্লা মুজাহিদে টুইটাৰত এই কথা প্ৰকাশ কৰি কয়, ‘জনসন্মুখত শাস্তি প্রদান আৰু মৃতদেহ ওলমাই ৰখাৰ দৰে পদক্ষেপ আপাতত বন্ধ ৰখা হৈছে। যেতিয়ালৈকে দেশৰ উচ্চতম ন্যায়ালয়ে কোনাে ব্যক্তিক মৃত্যুদণ্ডৰ ৰায় নিদিয়ে, তেতিয়ালৈকে প্রকাশ্যে হত্যা বন্ধ ৰখা হ’ব।’

Exit mobile version