ব্ৰিটেইনৰ প্ৰথম ‘টপলেছ’প্ৰধানমন্ত্ৰী হ’ব বিচাৰে এই যুৱতীয়ে

1634469107 14

ইংলণ্ডৰ বিশিষ্ট পৰিৱেশ কর্মী লাৰা আমহাষ্ট্রে ব্যক্ত কৰিলে তেওঁৰ গােপন ইচ্ছাৰ কথা। জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰিবলৈ পৰিৱেশ কর্মী লাই একাধিকবাৰ উর্ধাংগ উন্মুক্ত কৰি প্রতিবাদ সাব্যস্ত কৰি আহিছে।

ব্রিটেইনত লাৰা এগৰাকী ‘টপলেছ’প্রতিবাদকাৰী হিচাপে পৰিচিত। এইবাৰ লাৰাই সামাজিক মাধ্যমৰ জৰিয়তে মনৰ কথা প্রকাশ কৰি ক’লে যে তেওঁ ভৱিষ্যতে ব্রিটেইনৰ প্ৰথমগৰাকী ‘টপলেছ’ প্রধানমন্ত্রী হ’ব বিচাৰে।

‘ডেইলি ষ্টাৰ’ৰ বাতৰি অনুসৰি, বর্তমানে ৰাজনীতি বিজ্ঞানৰ ছাত্রী লাৰাই দাবী কৰি কৈছে যে তেওঁ যদি ব্রিটেইনৰ প্রধানমন্ত্রী হােৱাৰ সুযােগ লাভ কৰে তেন্তে বৰিছ জনছনতকৈ ভালকৈ দেশ শাসন কৰিব।

মই ব্রিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনছনতকৈ ভালদৰে চৰকাৰ চলাব পাৰিম। মই বৰিছ জননেতকৈ ৰাজনীতি ভালদৰে জাননা। মই প্রধানমন্ত্রী হব বিচাৰৰ। প্ৰধানমন্ত্রী হােৱাৰ পাছত মই ‘টপলেছ’ হৈ থাকিম।’

ব্রিটিছ সংবাদ মাধ্যমৰ আগত লাৰাই এইদৰে কয়। ব্রিটিছ পৰিবেশকর্মীৰ এই ঘােষণাৰ পাছত ব্রিটেইনৰ ৰাজনীতিতাে চাঞ্চল্য সৃষ্টি হৈছে।

Exit mobile version