Afghanistan crisis : কাবুল সম্পৰ্কত বৈঠকৰ আহ্বান পাকিস্তানলৈ

আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কত আলোচনাৰ বাবে সংশ্লিষ্ট দেশবোৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠকৰ প্রস্তাৱ দিলে ভাৰতে । বৈদেশিক মন্ত্রণালয়ৰ সূত্রে খবৰ, পাকিস্তান, চীন, ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ এই বৈঠকত আমন্ত্রণ জনোৱা হৈছে । ১০ বা ১১ নৱেম্বৰত দিল্লীত আমন্ত্রণ জনোৱা হৈছে এই দেশবোৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলক।

পাকিস্তানৰ স’তে সীমান্তত পুনৰ উত্তেজনা বৃদ্ধি পাইছে । চীনৰ স’তেও সমস্যা সমাধান হোৱা নাই । বৰঞ্চ প্রকৃত নিয়ন্ত্রণ ৰেখাত বেইজিঙে আৰু সেনা সমাৱেশ কৰিছে বুলি মন্তব্য কৰিছে ভাৰতীয় সেনাপ্রধান মনোজমুকুন্দ নৰবণে । তেনে সময়তে পাকিস্তান আৰু চীনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক এই বৈঠকত আমন্ত্রণ জনোৱা তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে কূটনীতিবিদসকলে । বৈদেশিক মন্ত্রণালয়ৰ সূত্রৰ মতে, সংশ্লিষ্ট সকলো দেশক লগত লৈ আগনাবাঢ়িলে তালিবানৰ দখলত থকা আফগানিস্তানৰ মানৱীয়তা আৰু নিৰাপত্তা সংকতৰ সমাধান সম্ভৱ নহয় ।

২০ অক্টোবৰত ৰাছিয়াই আমন্ত্ৰণ জনোৱা ‘মস্কো ফৰমেট’-ৰ বৈঠকত যোগ দিব ভাৰতে । আগষ্টৰ শেষত তালিবানৰ স’তে দোহাত প্রথম আনুষ্ঠানিক যোগাযোগ হয় ভাৰতৰ । অন্তর্বর্তী তালিবান চৰকাৰ গঠনৰ পাছত মস্কো বৈঠকতেই প্রথম তেওঁলোকৰ স’তে আনুষ্ঠানিক যোগাযোগ হ’ব দিল্লীৰ ।

সম্প্রতি এক আলোচনা সভাত বিদেশসচিব হর্ষবর্ধন শ্রিংলাই জনায়, ভাৰতে আফগানিস্তানক মানৱীয় সাহায্য কৰিবলৈ প্ৰস্তুত । দোহাত তালিবান প্রতিনিধিসকলৰ স’তে ভাৰত চৰকাৰৰ আলোচনা হৈছে । শ্রিংলাই কয়, ‘‘আমি সকলো সময়তেই আফগানিস্তানৰ উন্নয়নৰ অংশীদাৰ হৈ কাম কৰিছো । তালিবানে দেশখন দখল কৰাৰ আগতে ভাৰতে ৩০০ কোটি ডলাৰ বিনিয়োগ কৰিছিল ।’

Exit mobile version