Bridge : অস্কাৰৰ বাবে নিৰ্বাচিত ভাৰতীয় ছবিৰ তালিকাত অন্তৰ্ভুক্ত অসমীয়া ছবি ‘ব্ৰীজ’

অসমীয়া ছবি জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে পৰিচালক কৃপাল কলিতাৰ পূৰ্ণদৈৰ্ঘৰ ছবি ব্ৰীজ’এ । কিয়নো ভিলেজ ৰকষ্টাৰৰ পিছত পুনৰ এখন অসমীয়া ছবি অস্কাৰৰ দৌৰত অৱতীৰ্ণ হৈছে । ব্ৰীজ ছবিখনে অস্কাৰৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হোৱা ১২ খন ছবিৰ ভিতৰত স্থান লাভ কৰিছে । এই খবৰে স্বাভাৱিকতে আনন্দিত কৰিছে পৰিচালক কৃপাল কলিতাৰ লগতে ছবিখনৰ শিল্পী -কলা কুশলীক । ছবিখনে অস্কাৰৰ দৌৰত পেলোৱা প্ৰথমটো খোজ সন্দৰ্ভত পৰিচালক কলিতাই কয় – অস্কাৰ হৈছে এক সপোন । সেই সপোন সকলো ছবি পৰিচালক তথা ছবিৰ সতে জড়িত লোকে দেখে । ব্ৰীজ ছবিখনে অস্কাৰৰ দৌৰত প্ৰথমটো খোজ দিছে । লক্ষলৈ এতিয়াও বহু দূৰ ।

ছবিখনে ভাৰতীয় নিৰ্বাচিত ছবিৰ ভিতৰত স্থান পোৱাটোও মোৰ বাবে ডাঙৰ কথা । পাঁচটা সত্য ঘটনাক লগ লগাই কৰা এটা কাহিনীৰ আধাৰত ছবিখন নিৰ্মান কৰা হৈছে । ‘life must go on’ হৈছে ছবিখনৰ মূল উদ্দেশ্য বা বাৰ্তা । জীৱন সংগ্ৰামত ব্ৰতী এগৰাকী ষোড়শী গাভৰুৰ কাহিনী ছবিখনত দেখুৱালৈ চেষ্টা কৰা হৈছে । পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ পৰা নিৰ্বাচিত হোৱা এইখনেই একমাত্ৰ ছবি ।’

ছবিখন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচিত হোৱা ১২ খন ছবিৰ পৰা জুৰী কমিটিয়ে অস্কাৰৰ বাবে এখন ছবি নিৰ্বাচন কৰিব । যি ভাৰতৰ পৰা অস্কাৰৰ বাবে বেষ্ট ইন্টাৰণেশ্বনেল ফিচাৰ ফিল্ম শিতানৰ বাবে পোনপটীয়াকৈ পঠিওৱা হ’ব বুলি পৰিচালকে জানিবলৈ দিয়ে । উল্লেখ্য, ব্ৰীজ ছবিখনে ৩৫ তাত কৈয়ো অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও শিতানত বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে । ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে শিৱাৰাণী কলিতাই । ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে । তেনেদৰে কেমেৰা ৰমেন ৰাভাৰ । শীঘ্ৰে ছবিখন অসমৰ ছবিগৃহত মুক্তি দিব বুলি পৰিচালকে জানিবলৈ দিয়ে ।

Exit mobile version