Char Dham Yatra : প্ৰবল বৃষ্টিপাত আৰু তুষাৰপাতৰ ফলত স্থগিত চাৰ ধাম যাত্ৰা

thequint 2021 10 ed721373 ee8f 49a5 ad61 9fb095c2a451 WhatsApp Image 2021 10 18 at 15 17 36

তুষাৰে ঢাকিছে কেদাৰনাথৰ মন্দিৰ আৰু কাষৰীয়া অঞ্চল । তুমুল বৃষ্টিপাতৰ ফলত ভূমিস্খলনৰ শংকা বাঢ়িছে গংগোত্রীত । কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্ৰ (আইএমডি)-ৰ পূর্বাভাস, কিছুদিনলৈকে এনে দুর্যোগ অব্যাহত থাকিব পাৰে । এনে পৰিস্থিতিতে সাময়িকভাৱে চাৰধাম যাত্রা স্থগিত ৰাখিছে উত্তৰাখণ্ড চৰকাৰে ।

দেওবাৰে উত্তৰাখণ্ড চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে, তিনিদিন (মঙলবাৰ পর্যন্ত) চাৰধাম যাত্রা স্থগিত থাকিব । পৰৱৰ্তী সময়ত পৰিস্থিতিৰ বুজ লৈ পদক্ষেপ গ্ৰহণ কৰা হ’ব । উত্তৰাখণ্ডৰ লগতে হিমাচল প্রদেশৰ বিভিন্ন অঞ্চলতো বিগত দুদিনত প্রবল তুষাৰপাত হৈছে ।

উল্লেখ্য, প্রতি বছৰেই শীতৰ সময়ত প্রায় ছয় মাহাৰ বাবে কেদাৰ, বদ্রীনাথ, গংগোত্রী আৰু যমুনোত্রী—এই চাৰি ধাম বন্ধ ৰখা হয় । এপ্রিল-মে’ত পুনৰ তীর্থযাত্রীসকলৰ দর্শনৰ বাবে খুলি দিয়া হয় । সাধাৰণতে অক্টোবৰৰ শেষ বা নৱেম্বৰৰ আৰম্ভণিতে পুনৰ তীর্থযাত্রী আৰু দর্শনার্থীসকলৰ বাবে খুলি দিয়া হয় চাৰধাম ।

Exit mobile version