Gurmeet Ram Rahim : শিষ্য হত্যাকাণ্ডত অপৰাধী গুৰমিত ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ড চিবিআই আদালতৰ

Gurmeet Ram Rahim sentencing today 1634515574732 1634515574846

শিষ্য হত্যাকাণ্ডত দোষী সাব্যস্ত ডেৰা ছাচ্চা ছৌদা প্রধান গুৰমিত ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ড দিলে হৰিয়ানাৰ পঞ্চকুলাৰ বিশেষ চিবিআই আদালতে । ২০০২ৰ এই গোচৰত দোষী সাব্যস্ত আন চাৰি অপৰাধীকো সোমবাৰে একেই শাস্তি শোনোৱা হৈছে ।

যাৱজ্জীৱন জেলৰ লগতে, চিবিআই আদালতে গুৰমিতক ৩১ লাখ আৰু তেওঁৰ সহ-অপৰাধীসকলক ৫০ হেজাৰ টকাকৈ জৰিমনা কৰিছে । প্রায় দুই দশকৰ পুৰণি এই গোচৰৰ ষষ্ঠ অভিযুক্তৰ কিছুদিন আগতে মৃত্যু হৈছে ।

ৰোহটকৰ ছুনাৰিয়া জেলত বন্দী ধর্মগুৰুক ভিডিঅ’ কনফাৰেন্স শুনানিতো হাজিৰ কৰোৱা হৈছিল । অশান্তিৰ শংকাত ৰোহটক, ছিৰছাসহ বিভিন্ন অঞ্চলত কঠোৰ আৰক্ষী নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল । উল্লেখ্য, ২০১৭ৰ আগষ্টত আশ্রমত দুই শিষ্যাক ধর্ষণ আৰু এজন সাংবাদিকৰ হত্যাৰ গোচৰত অপৰাধী গুৰমিতে এতিয়া ২০ বছৰৰ জেলৰ শাস্তি ভোগ কৰিছে ।

২০০২ৰ ১০ জুলাইত কুৰুক্ষেত্রৰ খানপুৰ কোলিয়া গ্রামত গুৰমিতৰ শিষ্য ৰণজিৎ সিঙৰ গুলিবিদ্ধ দেহ উদ্ধাৰ হৈছিল । গুৰমিতৰ বিৰুদ্ধে পিতৃক হত্যাৰ অভিযোগ জনায় ৰণজিতৰ পুত্ৰ‌ই । চিবিআই-ৰ দাবী, গুৰমিতে তেওঁৰ শিষ্যাসকলৰ ওপৰত যৌন নির্যাতন চলাইছিল । তেওঁ সন্দেহ কৰিছিল, এই খবৰ বাহিৰত যোৱাৰ কাৰণ ৰণজিৎ । সেয়ে তেওঁক হত্যা কৰোৱা হয় ।

বিগত পাঁচ অক্টোবৰত চিবিআই আদালতে গুৰমিতসহ পাঁচ অভিযুক্তক দোষী সাব্যস্ত কৰে । পাছত তদন্তকাৰী সংস্থা চিবিআই-য়ে ৰণজিৎ হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমিতৰ ফাঁচীৰ আবেদন কৰিছিল আদালতক । আনহাতে, গুৰমিতে তেওঁৰ নানা সমাজসেৱামূলক কামৰ কথা কৈ প্রাণভিক্ষাৰ আবেদন জনাইছিল ।

Exit mobile version