Kati Bihu : ওদালগুৰিৰ বিভিন্ন প্ৰান্তত কাতি বিহু পালন

নাম-কীৰ্তনেৰে মুখৰিত হৈ পৰিল বটাবাৰী নামঘৰ

WhatsApp Image 2021 10 18 at 6.55.31 PM

আহিনৰ সংক্ৰান্তিৰ দিনা অসমীয়া সমাজে পালন কৰা কৃষি ভিত্তিক উৎসৱ হৈছে কাতি বিহু । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ বিভিন্ন গ্ৰাম্যাঞ্চলত এই কাতি বিহু পালন কৰা হয় । ওদালগুৰি চহৰৰ সমীপৱৰ্তী বটাবাৰী, খাগ্ৰাবাৰী, বৰ্ণগাঁও, বগৰীবাৰী, আংৰাগা‍ঁও, নলখামৰাকে ধৰি চহৰখনৰ বিভিন্ন গাঁৱত আজি ৰাইজে ঘৰে ঘৰে কাতি বিহু পালন কৰে । বিহু উপলক্ষে পুৱাৰে পৰাই সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা যায় চহা কৃষক ৰাইজৰ মাজত । সন্ধিয়া ঘৰৰ গৃহিনীসকলে পৱিত্ৰ তুলসী গছৰ তলত বন্তি প্ৰজ্বলন কৰি গাঁৱৰ আই-মাতৃসকলে সমষ্ট বিশ্বৰ মংগল কামনা কৰে ।

একেদৰে ওদালগুৰিৰ বটাবাৰীতো সতী ৰাধিকা আই-মাতৃ সমাজৰ উদ্যোগত কৃষি পথাৰ তথা তুলসীৰ তলত বন্ত প্ৰজ্বলন কৰি গাঁওখনৰ আই-মাতৃসকলে নাম-কীৰ্তন পৰিৱেশন কৰে । ইয়াৰ জৰিয়তে তেওঁলোকে সমাজৰ অপায় অমংগল দূৰ কৰাৰ কামনা কৰাৰ লগতে বিশ্ববাসীৰ মংগল কামনা কৰে ।

ইয়াৰ পূৰ্বে কৃষকসকলৰ অন্যতম ভৰষা সেউজীয়া কিছুসংখ্যক পথাৰত আকাশবন্তি জ্বলোৱা দেখা গৈছে । অৱশ্যে বিভিন্ন পথাৰত এই আকাশবন্তিৰ সলনি ওখ স্থানত বন্তি প্ৰজ্বলন কৰাও দেখা গৈছে । লোক বিশ্বাস অনুসৰি, এই সময়ছোৱাত ধানৰ গেৰ ওলায় । যাৰ ফলত কীট-পতংগৰ পৰা এই ধান নষ্ট নোহোৱাকৈ ৰখাৰ স্বাৰ্থত আকাশ বন্তি বা বন্তি প্ৰজ্বলন কৰা হয় ।

সমান্তৰালভাৱে কাতি বিহুৰ সন্ধিয়া কৃষকৰ ভৰালঘৰ, পদুলিমুখ তথা ৰান্ধনি ঘৰত এগচিকৈ বন্তি জ্বলাই গাঁওবাসীয়ে ধনৰ অধীস্থাত্ৰী দেৱী লক্ষ্মীক গৃহলৈ আদৰি আনে । ওদালগুৰিৰ গ্ৰাম্য সমাজে কাতি বিহুত ভোগ আৰু আনন্দ উল্লাসৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈ পালন কৰি তাহানিৰ পৰম্পৰাসমূহ অটুট ৰাখি আহিছে । এই সময়ছোৱাত খেতিয়কৰ ভৰাল প্ৰায় উদং হৈ পৰে । ফলত একপ্ৰকাৰ কঙাল হৈ পৰা কৃষকৰ ধানৰ ভৰাল যাতে ভৰ্তি হৈ পৰে তাৰ বাবে ধনৰ অধিস্থাত্ৰী দেৱীক প্ৰাৰ্থনা কৰে ।

Exit mobile version