ৰাছিয়াত প্ৰচণ্ড তুষাৰপাত : তাপমাত্ৰা মাইনাছ ২০ ডিগ্ৰীলৈ অৱনমিত

wintry 2993370 1920

বিশ্বৰ সবাতোকৈ শীতল দেশ হিচাপে পৰিচিত ৰাছিয়াত সম্প্ৰতি প্ৰচণ্ড তুষাৰপাত অব্যাহত আছে । শেহতীয়াভাৱে ছাইবেৰিয়াত সৰ্বাধিক তুষাৰপাতৰ ঘটনা সংঘটিত হৈছে ।

অঞ্চলটোৰ গছ-গছনিৰ লগতে জান-জুৰিৰ পানীও সম্প্ৰতি বৰফত পৰিণত হৈছে । এই অঞ্চলৰ তাপমাত্ৰা মাইনাছ ২০ ডিগ্ৰী ছেলছিয়াছলৈ অৱনমিত হৈছে ।

বতৰ বিজ্ঞানৰ তথ্য অনুসৰি অচিৰে অঞ্চলটোৰ তাপমাত্ৰা মাইনাছ ৩০ ডিগ্ৰীলৈ অৱনমিত হ’ব । ৰাছিয়াৰ বিভিন্ন অঞ্চলত ২০ দিন পূৰ্বৰে পৰা প্ৰবল তুষাৰপাত অব্যাহত আছে ।

Exit mobile version