Uttarakhand Flood : হৰপ্পা বানত উটিল সেতু, হ্রদৰ পানীত ডুব গ’ল চহৰ, বৃষ্টিপাতৰ ফলত নাইনিতালত মৃত বহু

Uttarakhand Nainital Uttarakhand rain 1634636092487 1634636092637

বৃষ্টিপাত আৰু তাৰ ফলত হৰপ্পা বানৰ কবলত পৰি উত্তৰাখণ্ডৰ নাইনিতালত প্ৰায় ১৬ জনৰ মৃত্যু হৈছে । এই পৰ্যন্ত বহু লোক সন্ধানহীন । মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি শংকা প্ৰকাশ কৰিছে । তিনিদিন ধৰি প্রবল বৃষ্টিপাত হৈছে উত্তৰাখণ্ডত । ফলত নাইনিতালৰ পানী উপচি চহৰত সোমাইছে । পানীৰ তীব্ৰতাত সেতু বৈ গৈছে । আৱদ্ধ হৈ থকা বাসিন্দাসকলৰ উদ্ধাৰকাৰ্য আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় বিপর্যয় প্ৰশমন বাহিনীয়ে ।

এই প্রসংগত উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিয়ে সংবাদ মাধ্যমক কয়, ‘‘প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পৰস্থিতিৰ বুজ লৈছে । ঘৰ, সেতু ভাঙি পৰিছে । এই পর্যন্ত ১৬ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে । ভাৰতীয় বায়ুসেনাৰ তিনিটা হেলিকপ্টাৰক উদ্ধাৰকাৰ্যত নামোৱা হৈছে ।’’

বিপর্যয়ৰ বহু ভিডিঅ’ প্রকাশ পাইছে সামাজিক মাধ্যমত । দেখা গৈছে নদীৰ পানী ভয়ংকৰ হৈ উঠিছে । ফলত নদীৰ নিকটৱৰ্তী অঞ্চলত বহু গৃহ ভাঙি গৈছে । চালথি নদীৰ ওপৰত এটা নির্মীয়মান সেতু উটি গৈছে । নাইনিতালৰ মল ৰোড পানীত বুৰ গৈছে । বহু ঠাইত ভূমিস্খলন হৈছে । হ্রদৰ কাষৰ এটা হাস্পাতালৰ দেৱালটো ফাট মেলিছে ।

উত্তৰাখণ্ডৰ জলাধাৰবোৰ পানীৰে উপচি পৰাত নানক সাগৰ আৰু উধম সিং নগৰ জলাধাৰৰ পৰা পানী এৰিবলৈ বাধ্য হৈছে প্রশাসন । ফলত বান পৰিস্থিতি আৰু বেয়া হৈছে । ইতিমধ্যে চাৰধাম যাত্রা বন্ধ কৰিছে প্রশাসনে । তাত আৱদ্ধ হৈ থকা পর্যটকসকলক নিজ ৰাজ্যত উভতাই অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে ।

Exit mobile version